অসম লাইভ২৪ঃ
‘আজি এবছৰ মোৰ শাহুৰ অত্যাচাৰ সহিব নোৱাৰি মই এই সিদ্ধান্ত লৈছো৷ মোৰ সন্তানক বিষ খুৱাই মাৰিলে। মোক ন্যায় দিব।’
এইদৰে এটি টোকা লিখি চৰম সিদ্ধান্ত ল’লে এগৰাকী বোৱাৰীয়ে।
বাক্সা আৰু ওদালগুৰি সীমান্তৱৰ্ত্তী গোৰেশ্বৰৰ সমীপৰ ১ নং ৰৌমাৰী গাওঁৰ পৰা বিয়া হোৱা এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ চাঞ্চল্য।
২ নং ৰৌমাৰীৰ তুলিকা কাকতিৰ ডেৰ বছৰ পূৰ্বে বিবাহ হৈছিল দৰং জিলাৰ মালিবাৰীটাৰীৰ অৱনী নাথৰ সৈতে।
বিবাহৰ পাছৰে পৰাই স্বামীগৃহত তুলিকাৰ ওপৰত চলোৱা হৈছিল নিৰ্যাতন৷
গৰ্ভস্থ সন্তানকো পৰিকল্পিতভাৱে হত্যা কৰাৰ কথা বিশেষ টোকাত লিখি গৈছে তুলিকাই৷
অৱশেষত শোৱনি কোঠাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে তুলিকাৰ মৃতদেহ।
শাহুৱেকৰ শাৰীৰিক নির্যাতনৰ বাবেই চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ৷
আইনাত লিপষ্টিকেৰে লিখি গৈছে টোকা এটা বিশেষ টোকা৷
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰা হৈছে৷
বুঢ়া আৰক্ষীয়ে ইতিমধ্যে আটক কৰি অভিযুক্ত স্বামী অৱনী নাথ আৰু শাহুৱেক সোনেশ্বৰী নাথক।
ইপিনে তুলিকাৰ মূৰত আঘাতৰ চিনো স্পষ্ট বুলি জনাইছে প্ৰত্যক্ষদৰ্শীয়ে৷
এই ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড আৰু তুলিকাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিব বিচৰা বুলি অভিযোগ উত্থাপিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ