অসম লাইভ২৪ঃ বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীৰ কন্যাৰ বিবাহ৷ বিবাহৰ পাছতেই ৰীতা চৌধুৰীয়ে কন্যাক বিদায় দিয়াৰ এখন ফটোৱে সামাজিক মাধ্যমত লাভ কৰিছে বিশেষ চৰ্চা৷ কন্যাক বিদায় দিয়াক কেন্দ্ৰ কৰিয়েই ৰীতা চৌধুৰীয়ে লিখিছে এটা বিশেষ ফেছবুক প’ষ্ট৷
পষ্টটোত ৰীতা চৌধুৰীয়ে লিখিছে, ‘আমি বিশ্বাস কৰোঁ সন্তান দানৰ বাবেও নহয়, পূণ্যৰ বাবেও নহয়৷ সন্তান আত্মাৰ ঐশ্বৰ্য, মাটিৰ পৃথিৱীৰ অপাৰ্থিৱ মায়া, ঈশ্বৰে পঠিওৱা পোহৰ কঢ়িয়াই অনা অতিথি৷ কন্যাৰ বিদায় নহয়৷ কন্যাৰ বিয়া হ’লে পুত্ৰৰ দৰেই মাত্ৰ নিজাকৈ এখন সংসাৰ হে হয়৷ আন সকলো কথা চিৰদিনৰ বাবে একে থাকে৷ শোক সেয়ে অৰ্থহীন৷ কন্যাৰ না পিতৃ অধিকাৰী না মাতৃ৷ পিতৃয়ে সম্প্ৰদান কৰা প্ৰথাৰ পৰা সম্প্ৰদান শব্দটো আমি আঁতৰাই দিছোঁ৷ পিতৃ-মাতৃ দুয়ো সিদ্ধান্ত লৈ বিবাহৰ কৰ্ম কাণ্ডৰ দায়িত্ব ভগাই লৈছোঁ৷ হোমৰ দায়িত্ব মোৰ হাতত৷ সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ