অসম লাইভ২৪ঃ শিক্ষকেই জুৱাৰী। সমাজত শিক্ষাৰ পোহৰ বিলাবলৈ এৰি শিক্ষকে ধৰিছে জুৱাত। সমগ্ৰ ৰাজ্যত পোহৰৰ উৎসৱৰ দীপাৱলীৰ আনন্দৰ মাজতে সৰুপথাৰ আৰক্ষীৰ জালত পৰিছে অৱসৰপ্ৰাপ্ত শিক্ষকসহ ৫ জুৱাৰী৷
এক গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে ধনশিৰি মহকুমাৰ নাওজানত অভিযান চলাই প্ৰায় ১ লাখ ৪০ হাজাৰ টকা, এখন গাড়ী আৰু স্কুটীসহ হাতেলোটে ধৰা পেলাই ৫ টাকৈ জুৱাৰীক৷ ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ তত্বাৱধানত সৰুপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতু ডেকাই কৰায়ত্ত কৰে জুৱাৰীকেইটাক৷
গ্ৰেপ্তাৰ কৰা জুৱাৰীকেইটা অৱসৰপ্ৰাপ্ত শিক্ষক দ্ৰুণ বৰুৱা, পাণজান সোণালী পথাৰৰ অজিত দাস, নাওজানৰ মুকুট তালুকদাৰ, দুলেশ্বৰ তাছা আৰু কাৰ্বি আংলঙৰ পূৰ্ণ ৰাণা বুলি প্ৰকাশ কৰিছে৷ সম্প্ৰতি আৰক্ষীয়ে ধৃত জুৱাৰীকেইটাক জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷
উল্লেখ্য যে দীপাৱলীক কেন্দ্ৰ কৰি ধনশিৰি মহকুমাৰ ভিন্ন প্ৰান্তত জুৱাৰ ঘাটি গঢ়ি উঠাৰ বাবে আৰক্ষীয়ে লৈছে কঠোৰ পদক্ষেপ। গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে আটক কৰিছে আটাইকেইজন জুৱাৰীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















