অসম লাইভ ২৪ঃ মিডডে মিল এতিয়া সকলো চৰকাৰী বিদ্যালয়তে বাধ্যতামূলক। ভৰ্তি পেটেৰে সকলো শিক্ষাৰ্থীয়ে যাতে বিদ্যালয়ত পঢ়িব পাৰে। তেওঁলোকৰ পুষ্টিৰ কথা চিন্তা কৰি মিডডে মিলৰ তালিকাত শীঘ্ৰেই সংযুক্ত হ’ব গাখীৰ। দেশৰ পৰা অপুষ্টিক বিদায় জনাবৰ বাবে প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনত আৰম্ভ কৰে ‘পোষণ অভিযান প্ৰকল্প’। এই প্ৰকল্পৰ আঁত ধৰি ২০২০ৰ মিডডে মিলৰ মেন্যু বদলি কৰা হ’ব। য’ত সংযুক্ত হ’ব গাখীৰ। ক’ৰোনা পৰিস্থিতিৰ অন্ত পৰাৰ লগে লগে হয়তো সলনি হ’ব মিডডে মিলৰ মেন্যু। যিখন মেন্যুত ভাত, দাইল, চবজি, চয়াবিন আৰু কেতিয়াবা কণীৰ লগতে গাখীৰ সংযুক্ত হ’ব। প্ৰতিদিনে মেন্যুত থাকিব লাগিব গাখীৰ। এই বিষয়টো সন্দৰ্ভত কেন্দ্ৰই ইতিমধ্যে বিবেচনা কৰি জনাইছে নাৰী আৰু শিশু কল্যাণ মন্ত্ৰী স্মৃতি ইৰাণীয়ে। পৰিকল্পনা অনুসৰি প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীয়ে প্ৰত্যেক দিনে দুশ মিলিলিটাৰকৈ গাখীৰ খাব লাগিব। উল্লেখযোগ্য যে ২০১৬ চনতেই মিডডে মিলত গাখীৰ সংযুক্ত কৰাৰ কথা চিন্তা কৰা হৈছিল। মিডডে মিলৰ বাবে প্ৰয়োজনীয় গাখীৰ বিভিন্ন দুগ্ধ সমবায়ৰ পৰা অনা হ’ব বুলি জনাইছে কেন্দ্ৰই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ