অসম লাইভ২৪ঃ বন্দনা কলিতা, ডাবল মাৰ্ডাৰত জড়িত বন্দনাই মানসিক বিকাৰগ্ৰস্থ বাবেই দুজনকৈ লোকক হত্যা কৰিছিল নেকি? এই বিষয়টোক লৈ বহুতেই চৰ্চাও চলাইছিল৷ বন্দনাই নিজেও নিজৰ মানসিক অৱস্থা ঠিকে নাছিল বুলি আৰক্ষীৰ সন্মুখত দিয়া ভাষ্যত প্ৰকাশো কৰিছিল৷ শেহতীয়াভাৱে অসম আৰক্ষীৰ বিশেষ দলে বন্দনাৰ মানসিক স্বাস্থ্যৰ পৰীক্ষা কৰোৱাইছে৷ শ্ৰদ্ধা হত্যাকাণ্ডৰ তদন্তকাৰী এটা দলে বন্দনা কলিতাক গুৱাহাটীত আহি সোধ-পোচ কৰাৰ পাছতেই দিছে প্ৰতিবেদন। ফৰেনচিক এটি দলৰ লগতে তদন্তকাৰী এই দলটোৱে বন্দনাক সোধ-পোচ কৰি দিয়া প্ৰতিবেদনমতে, বন্দনা কলিতা মানসিকভাৱে দুৰ্বল নহয়। শীতল মস্তিষ্কৰেই বন্দনাই দুটাকৈ হত্যা সংঘটিত কৰিছিল।প্ৰতিবেদনত উল্লেখ কৰামতে বন্দনা কলিতা মানসিক বিকাৰগ্ৰস্থ নহয়৷ শীতল মস্তিষ্কৰেই বন্দনাই এই দুটা হত্যাকাণ্ড কৰিছে৷
তদন্তকাৰী দলটোৱে দিয়া এই প্ৰতিবেদনৰ ভিত্তিতেই এতিয়া নুনমাটি আৰক্ষী সাজু হৈছে পৰবৰ্তী পদক্ষেপৰ বাবে৷ আৰক্ষীয়ে কৰ্টত দাখিল কৰিব চাৰ্জশ্বীটো৷ বন্দনাক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ বাবে অসম আৰক্ষীয়ে সুৰুঙাহীন চাৰ্জশ্বিট প্ৰস্তুত কৰা বুলিও এক সূত্ৰই সদৰি কৰিছে। লগতে আৰক্ষীৰ এক সূত্ৰই জনোৱা অনুসৰি জে’লত থকাৰ সময়তো বন্দনাৰ মনত নাই কোনো অনুশোচনা। ৭৫ গৰাকী আন মহিলা কয়দীৰ সৈতে সময় কটাইছে বন্দনাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ