অসম লাইভ২৪ঃ পেঙ্গোলিন খুবেই শান্ত এবিধ জীৱ। এই জীৱবিধে মানুহৰ অপকাৰ নকৰে যদিও দিনকদিনে চিকাৰ হ’ব ধৰিছে এইবিধ জীৱ। এনভাইৰনমেণ্টেল ইনভেষ্টিগেছন এজেন্সিয়ে প্ৰকাশ কৰিছে এক ভয়ংকৰ তথ্য। পেঙ্গোলিনৰ শৰীৰৰ ওপৰৰ বাকলিৰ দৰে অংশ আৰু পেঙ্গোলিনৰ মাংস যৌনশক্তি বৃদ্ধিত সহায়ক বুলি বহুতেই দাবী কৰে। সেইবাবেই বিভিন্ন ঔষধ নিৰ্মাণকাৰী সংস্থাই এই প্ৰাণীবিধৰ মাংস ক্ৰয় কৰে।
যাৰবাবে বজাৰত এই প্রাণীৰ চাহিদা বৃদ্ধি হৈছে। প্ৰাণীবিধৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগেই পেঙ্গোলিনৰ চিকাৰীৰ সংখ্যাও বাঢ়িছে। যৌনশক্তি বৃদ্ধিৰ ঔষধ হিচাপে এই প্ৰাণীৰ শৰীৰৰ অংশ ব্যৱহাৰ হয় বুলি বিভিন্ন ঔষধ নিৰ্মাণকাৰী সংস্থাই অনুজ্ঞাপত্ৰও উলিয়াইছে। পেঙ্গোলিনৰ মাংসই পুৰুষৰ স্পাৰ্ম কাউণ্ট বৃদ্ধিত সহায় কৰে। দিনক দিনে এই জীৱ চিকাৰ কৰা লোকৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগেই জীৱবিধ প্ৰায় লুপ্তপ্ৰায় জীৱ হৈ পৰিছে।
কীট পতঙ্গ খাই জীয়াই থকা শান্ত স্বভাৱৰ এই প্ৰাণীবিধি প্ৰায় ৮ কোটি ৩০ লাখ বছৰ পূৰ্বেই এই প্ৰজাতিৰ প্ৰাণী পৃথিৱীত আছিল। মূলত আফ্ৰিকা আৰু এছিয়া মহাদেশত এই প্ৰাণী পোৱা যায়। জন্তু বিধৰ শৰীৰত থকা বাকলিৰ দৰে অংশই অন্য জন্তুৰ আক্ৰমণৰ পৰা প্ৰাণীবিধক ৰক্ষা কৰে। বাকলিসমূহ ইমানেই টান যে সেইসমূহে বাঘৰ দাতো ভাঙি পেলাই। পেঙ্গোলিনৰ মুঠ ৮ টা প্ৰজাতি আছিল যদিও ইয়াৰে ৫ প্ৰজাতি বৰ্তমান লুপ্ত হৈ পৰিছে।
পেঙ্গোলিনৰ ছাল আৰু মাংসৰ আন্তৰ্জাতিক বজাৰমূল্য কেইবালাখ টকা। মোটা অংকৰ দাম পোৱা হেতুকে এই জন্তুবিধ চিকাৰ কৰা চোৰাং চিকাৰীও বাঢ়িছে। চীনৰ বজাৰত এই জন্তুৰ চাহিদা অতি বেছি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ