অসম লাইভ২৪ঃ ১৮ জুলাইৰ পৰা আৰম্ভ হৈছে শাওন মাহ। ১৯ বছৰ পাছত এইবাৰ শাওনত মলমাহ পৰিছে। হিন্দুধৰ্মাৱলম্বী লোকৰ বাবে শাওন অতি পবিত্ৰ মাহ। এই মাহতেই শিৱক আৰাধনা কৰে প্ৰতিজন ভক্তই। শাস্ত্ৰ অনুসৰি শাওন মাহ বিবাহিতা মহিলাৰ বাবেও বিশেষ মাহাত্ম্যপূৰ্ণ মাহ। এই সময়ত বিবাহিতা মহিলাই কেইটামান নিয়ম মানি চলিলে সংসাৰ সুখকৰ হয়। পৰিয়ালত কোনো অশান্তি বা দুৰ্ভাগ্য নাহে বুলি জ্যোতিষ শাস্ত্ৰই দাবী কৰে। কিন্তু কি কি নিয়ম মানি চলিব লাগে এগৰাকী গৃহিনীয়ে?
সঠিক পদ্ধতিৰে পূজা কৰক
শাওন মাহত বিবাহিত মহিলাসকলে সঠিক পদ্ধতি মানি মহাদেৱক আৰাধনা কৰিলে তেওঁলোকৰ ঘৰলৈ সুখ-শান্তি আহে। স্বামীৰ সুখ সৌভাগ্য বৃদ্ধি পায়। স্বামীৰ উজ্জল ভৱিষ্যতৰ বাবে শাওন মাহৰ সোমবাৰসমূহত বিবাহিত মহিলাসকলে পুৱা টোপনিৰ পৰা উঠি গা ধুই শিৱ মন্দিৰলৈ যাব লাগে। তাতেই গাখীৰ, ঘী, গংগাজল আৰু মৌ মিহলাই বেলপাত দি শিৱলিংগক অভিষেক কৰিব লাগে। এই মিশ্ৰণক পঞ্চামৃত বুলিও কোৱা হয়। বিবাহিত মহিলাসকলে এই সময়ত দুগ্ধজাত সামগ্ৰী, ফল তথা সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰাটো শুভ।
শাওণ বিশেষ পূজা
শিৱৰ প্ৰিয় শাওন মাহত প্ৰতিদিনেই মহাদেৱৰ পূজা কৰিলে আশীৰ্বাদ লাভ কৰিব। বিবাহিত মহিলাই এই সময়ত প্ৰতিদিনে ঘৰত শিৱলিংগত পূজা আগবঢ়াওক। মহাদেৱ আৰু পাৰ্বতীৰ পূজা কৰক। শিৱ মন্ত্ৰ পাঠ কৰক।
মঙ্গলা গৌৰী ব্ৰত
শাওন মাহৰ মঙলবাৰকেইটাত মঙ্গলা গৌৰী ব্ৰত পালন কৰা হয়। এই ব্ৰত বিবাহিতা মহিলাসকলে পালন কৰিলে অত্যন্ত শুভ। এদিন উপবাসে থাকি অইন কোনো বিবাহিত মহিলাক প্ৰসাধন সামগ্ৰী উপহাৰ দিব পাৰে। ইয়াৰোপৰি বিবাহিতা মহিলাই হাতত মেহেন্দি লগাব পাৰে। স্বামীৰ মংগল কামনা কৰি এই ব্ৰত ৰাখিব পাৰে।
শিৱলিংগৰ বিধি
শাস্ত্ৰ অনুসৰি বিবাহিত মহিলাসকলে শিৱলিংগ স্পৰ্শ কৰা উচিত। শাওন মাহত আমিষ আহাৰ, পিঁয়াজ, নহৰু, কেঁচা গাখীৰ বৰ্জন কৰা উচিত।
দৰিদ্ৰ সেৱা
শাওন মাহত দৰিদ্ৰক সেৱা কৰিলে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব। এই সময়ত অভাৱীসকলৰ মুখত খাদ্য তুলি দিয়ক। সামাজিক কাম কাজত আত্মনিয়োগ কৰিলে আপোনাৰ সংসাৰ সুখ সমৃদ্ধিৰে ভৰি পৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ