অসম লাইভ ২৪ঃ সম অধিকাৰ। এতিয়াৰে পৰা পিতৃৰ সম্পত্তিৰ ওপৰত সকলো পৰিস্থিতিত পুত্ৰৰ সমানে অধিকাৰ সাব্যস্ত কৰিব পাৰিব কন্যাই। ২০০৫ চনতে এই আইন ৰূপায়ণ হৈছিল যদিও ইয়াত থকা অস্পষ্টতা আজি আঁতৰালে উচ্চতম ন্যায়ালয়ে। ২০০৫ চনৰ পূৰ্বে পিতৃৰ মৃত্যু ঘটিলেও সেই জীয়ৰীয়েও লাভ কৰিব পিতৃৰ সম্পত্তিৰ বাবে পুত্ৰৰ সৈতে সমান অধিকাৰ। ন্যায়াধীশ অৰুণ মিশ্ৰৰ বিচাৰপীঠে আজি এই ৰায়দান কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ