অসম লাইভ ২৪ঃ বিহাৰ বিধানসভা নির্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰা সংকল্প পত্ৰত বিহাৰৰ প্ৰতিগৰাকী লোকক বিনামূলীয়াকৈ ক’ৰোনা প্ৰতিষেধক প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ পাছতে দেশজুৰি প্ৰতিক্ৰিয়া হ’ল। একমাত্ৰ বিহাৰৰ জনতাকহে ভোটৰ স্বার্থত BJPয়ে বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰিব নেকি বুলি প্ৰশ্ন উত্থাপন হয়। বিৰোধী ৰাজনৈতিক দলসমূহেও কটু সমালোচনা কৰে BJPক। হিতে বিপৰীত হোৱাৰ লক্ষণ দেখি সুৰ সলাইছে BJPয়ে। যিহেতু বিহাৰ বিধান সভা নির্বাচনৰ পাছত সমুখত আছে অসম, পশ্চিমবংগকে ধৰি কেইবাখনো ৰাজ্যৰ নির্বাচন। এনে সময়ত অতি স্পর্শকাতৰ ক’ৰোনা প্ৰতিষেধক প্ৰদানৰ সন্দর্ভত যদি জনতাৰ মাজত ভুল বার্তা বিয়পে তেনেহ’লে নিজকে অত্যন্ত তীখৰ বুলি গণ্য কৰা BJPয়ে গালৈকে বিপদ যেন অনুভৱ কৰিছে। সেয়ে সুৰ সলাই BJPয়ে সমগ্ৰ দেশবাসীক ক’ৰোনা ভেকচিন বিনামূলীয়াকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপ চাৰাংগীয়ে কয় যে একমাত্ৰ বিহাৰেই নহয় সমগ্ৰ দেশে ক’ৰোনা ভেকচিন ওলোৱাৰ লগে লগে বিনামূলীয়াকৈ লাভ কৰিব। ওড়িশাৰ বালাচোৰ উপ-নির্বাচনৰ প্ৰচাৰ চলাই মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ উদ্ধৃতিৰে এই ঘোষণা কৰে। অৱশ্যে এতিয়াও বিশ্বত ক’ৰোনা ভেকচিনক লৈ গৱেষণাহে চলি আছে। অথচ ৰাজনৈতিক দলে স্বভাৱসুলভভাৱে আৰম্ভ কৰিছে ভেকচিনৰ ৰাজনীতি। নিকৃষ্ট ৰাজনীতিত পাকৈট বিজেপিয়ে ভেকচিনৰ টোপ দি ভোট সংগ্ৰহৰ দৰে ঠেক গণ্ডীৰ ৰাজনীতি আৰম্ভ কৰিছে বিহাৰত। দেশবাসীৰ সু-স্বাস্থ্য আৰু জীৱন ৰক্ষা যিকোনো চৰকাৰৰে দায়িত্ব, তেনেক্ষেত্ৰত বিজেপিৰ ভেকচিনৰ ৰাজনীতি দেশজুৰি নিন্দিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ