মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতাই আমাক বহু বিপজ্জনক ভেঁকুৰৰ সংক্ৰমণৰ পৰা সুৰক্ষা দি আহিছে। কিন্তু এতিয়া এই প্ৰাকৃতিক সুৰক্ষা ব্যৱস্থাই ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছে নেকি? বিজ্ঞানীসকলৰ নতুন গৱেষণাই এই সন্দৰ্ভত এক উদ্বেগজনক ইংগিত দিছে। পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ ফলত কিছুমান ভেঁকুৰে অধিক তাপ সহ্য কৰিব পৰা ক্ষমতা অৰ্জন কৰিছে। ইয়াৰ ফলত ভৱিষ্যতে মানুহৰ শৰীৰত ভেঁকুৰৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পাব পাৰে।
মানুহৰ শৰীৰৰ উষ্ণতাই কেনেকৈ সুৰক্ষা দিয়ে?
পৃথিৱীত লাখ লাখ প্ৰজাতিৰ ভেঁকুৰ আছে। কিন্তু ইয়াৰ অধিকাংশই মানুহৰ শৰীৰত সংক্ৰমণ সৃষ্টি কৰিব নোৱাৰে। ইয়াৰ এটা ডাঙৰ কাৰণ হৈছে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা।
সাধাৰণতে মানুহৰ শৰীৰৰ উষ্ণতা প্ৰায় ৩৭ ডিগ্ৰী চেলছিয়াছ (৯৮.৬ ডিগ্ৰী ফাৰেনহাইট)। বহু ভেঁকুৰে এই উষ্ণতাত জীয়াই থাকিব বা বংশবৃদ্ধি কৰিব নোৱাৰে। ফলত মানুহৰ শৰীৰত প্ৰৱেশ কৰিলেও সেইবোৰে সহজে সংক্ৰমণ সৃষ্টি কৰিব নোৱাৰে।
কিন্তু এতিয়া এই পৰিস্থিতি সলনি হোৱাৰ আশংকা দেখা দিছে। এফালে মানুহৰ শৰীৰৰ গড় উষ্ণতা হ্ৰাস পোৱাৰ তথ্য পোহৰলৈ আহিছে, আনফালে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত ভেঁকুৰবোৰে অধিক গৰম পৰিৱেশত জীয়াই থকাৰ ক্ষমতা লাভ কৰিছে।
মানুহৰ শৰীৰৰ উষ্ণতা কিয় হ্ৰাস পাইছে?
ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এটা গৱেষণাত ১৮০০ চনৰ পৰা সংগ্ৰহ কৰা তথ্য বিশ্লেষণ কৰি আমেৰিকাৰ পুৰুষসকলৰ শৰীৰৰ গড় উষ্ণতা হ্ৰাস পোৱাৰ তথ্য পোৱা গৈছে। গৱেষণাৰ তথ্য অনুসৰি, সেই সময়ৰ তুলনাত আমেৰিকাৰ পুৰুষৰ গড় শৰীৰৰ উষ্ণতা প্ৰায় ০.৫৯ ডিগ্ৰী চেলছিয়াছ হ্ৰাস পাইছে। অৰ্থাৎ প্ৰতি দশকত গড়ে প্ৰায় ০.০৩ ডিগ্ৰী চেলছিয়াছকৈ হ্ৰাস পাইছে।
অৱশ্যে এই তথ্যক সমগ্ৰ বিশ্বৰ সকলো মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য বুলি ধৰিব নোৱাৰি। তথাপি শৰীৰৰ উষ্ণতাৰ এই পৰিৱৰ্তনে ভেঁকুৰৰ সংক্ৰমণৰ ক্ষেত্ৰত নতুন প্ৰশ্নৰ সৃষ্টি কৰিছে।
৪৭ ডিগ্ৰী চেলছিয়াছলৈকে জীয়াই থাকিব পাৰে এই বিপজ্জনক ভেঁকুৰ!
গৱেষক কাৰ্লা শ্বুহ আৰু চৈতন্য গোখলেৰ এখন নতুন গৱেষণাপত্ৰত Candida auris নামৰ ভেঁকুৰবিধৰ বিষয়ে বিশেষভাৱে সতৰ্ক কৰি দিয়া হৈছে। ২০০৯ চনত প্ৰথমবাৰৰ বাবে চিনাক্ত হোৱা এই ভেঁকুৰবিধে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতাতো সহজে বৃদ্ধি পাব পাৰে। আনকি ই ৪৭ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত উষ্ণতা সহ্য কৰিব পাৰে।
ইয়াৰ আন এটা ভয়ংকৰ দিশ হৈছে, এই ভেঁকুৰবিধৰ কিছুমান প্ৰজাতি ঔষধ প্ৰতিৰোধী। অৰ্থাৎ সাধাৰণতে ব্যৱহাৰ কৰা কিছুমান এণ্টিফাংগেল ঔষধে ইয়াৰ সংক্ৰমণৰ ক্ষেত্ৰত কাম নকৰিবও পাৰে।
বিশেষজ্ঞসকলৰ মতে, Candida auris হৈছে ভৱিষ্যতে অধিক সংখ্যক ভেঁকুৰে মানুহৰ শৰীৰত সংক্ৰমণ সৃষ্টি কৰিব পৰা পৰিৱেশৰ এক সতৰ্কবাণী।
বছৰি ৬৫ লাখ লোক আক্ৰান্ত হয় ভেঁকুৰৰ সংক্ৰমণত
ভেঁকুৰৰ সংক্ৰমণ এতিয়াও বিশ্বৰ এক গুৰুত্বপূৰ্ণ স্বাস্থ্যজনিত সমস্যা। উপলব্ধ তথ্য অনুসৰি, বিশ্বজুৰি প্ৰতি বছৰে প্ৰায় ৬৫ লাখ লোক ভেঁকুৰজনিত সংক্ৰমণত আক্ৰান্ত হয়। বিশেষকৈ যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, তেওঁলোকৰ ক্ষেত্ৰত এনে সংক্ৰমণ অধিক বিপজ্জনক হ’ব পাৰে। কেন্সাৰৰ চিকিৎসা গ্ৰহণ কৰি থকা ৰোগী, অংগ সংৰোপণ কৰা লোক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা ব্যক্তিসকল অধিক বিপদৰ সন্মুখীন হ’ব পাৰে।
কিন্তু বিজ্ঞানীসকলৰ আশংকা, ভৱিষ্যতে অধিক সংখ্যক ভেঁকুৰে মানুহৰ শৰীৰৰ উষ্ণতা সহ্য কৰিব পৰা ক্ষমতা লাভ কৰিলে এই বিপদ কেৱল দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকৰ মাজতে সীমাবদ্ধ নাথাকিবও পাৰে।
‘The Last of Us’ৰ দৰে হ’ব নেকি পৃথিৱীৰ পৰিস্থিতি?
‘The Last of Us’ নামৰ জনপ্ৰিয় ৱেব ছিৰিজখনত ভেঁকুৰৰ সংক্ৰমণৰ ফলত মানুহে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখুওৱা হৈছে। ভেঁকুৰৰ ক্ৰমবৰ্ধমান তাপ সহনশীলতা, ঔষধ প্ৰতিৰোধী ক্ষমতা আৰু সংক্ৰমণৰ আশংকাই চিকিৎসা বিজ্ঞানৰ সন্মুখত নতুন প্ৰত্যাহ্বান সৃষ্টি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















