অসম লাইভ২৪ঃ পাকিস্তানৰ বোৱাৰী সীমা হাইদৰ আৰু ভাৰতীয় প্ৰেমিক শচীন মিনাৰক বৰ্তমানলৈকে জেৰা চলাই আছে উত্তৰপ্ৰদেশৰ বিশেষ তদন্তকাৰী দলে৷ দুয়োৰে পৰা বহু নথিও লাভ কৰিছে তদন্তকাৰী দলটোৱে৷ শচীন আৰু সীমাৰ নথি জালিয়াতিৰে বনাই দিয়াৰ অপৰাধত দুই যুৱকক আটক কৰিছে উত্তৰপ্ৰদেশ আৰক্ষীয়ে৷ দুই অভিযুক্ত পুষ্পেন্দ্ৰ মিনা আৰু পৱন মিনাই এটা জনসেৱা কেন্দ্ৰত দীৰ্ঘদিন ধৰি কাম কৰি আছিল৷ আৰক্ষীয়ে জনোৱা অনুসৰি, পুষ্পেন্দু আৰু পৱন সম্পৰ্কত ককাই-ভাই৷ শচীনৰ সৈতেও দুয়োৰে পাৰিবাৰিক সম্পৰ্ক আছে৷
সীমা-শচীনৰ নথি পৰিবৰ্তনৰ বাবে শচীন তেওঁলোকৰ কাষ চাপিছিল৷ সীমাৰ ভাৰতত প্ৰৱেশক লৈ ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে ATSয়ে৷ যাৰবাবে আজিও সীমাৰ ওপৰত বিশেষ নজৰ ৰাখিছে দলটোৱে৷ সীমাৰ ভাৰতত অনুপ্ৰৱেশক লৈ ক্ৰমশ ঘনীভূত হৈছে ৰহস্যও৷ সীমা প্ৰকৃততে কোন? এই পৰিচয় আজিও উলিয়াব পৰা নাই তদন্তকাৰী দলটোৱে৷ সীমাক সন্দেহ কৰাৰ কাৰণ হৈছে সীমাই কেনেকৈ ইমান নিখুতভাৱে ভাৰতত সোমোৱাৰ পৰিকল্পনা কৰিলে? তদন্তকাৰী দলৰ সন্মুখত কেইবাটাও প্ৰশ্ন৷ সীমা প্ৰেয়সী, সীমা পাক গুপ্তচৰ নে সীমা কোনো পাক উগ্ৰপন্থী দলৰ সদস্য?
সীমাই গ্ৰেপ্তাৰৰ পাছত কৰা এটা মন্তব্যক লৈয়ো বাৰে বাৰে এতিয়া জেৰা চলাইছে তদন্তকাৰী দলটোৱে৷ সীমা কাৰাগাৰৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ সন্মুখত দিয়া প্ৰথমটো মন্তব্যত কৈছিল, ‘মই হিন্দু ধৰ্ম গ্ৰহণ কৰিছো৷ সেয়ে মোৰ নাম এতিয়া সীমা হাইদৰ নহয়, অকল সীমা৷ ইচ্ছা কৰিলে সীমা শচীন ক’ব পাৰে৷ আমাৰ সন্তানকেইটাৰ নামো পৰিবৰ্তন কৰিছো৷ সিহঁতৰ নাম এতিয়া ৰাজ, প্ৰিয়ংকা, পৰি আৰু মুন্নী ৰাখিছো৷ মই এতিয়া ভগৱানৰ উপাসনা কৰো৷ মই নিৰামিষ আহাৰ খাবলৈকো শিকিছো৷’
উল্লেখ্য যে, শচীনৰ পৰিয়ালে শেহতীয়াকৈ দাবী কৰামতে, সীমা-শচীনক বাৰে বাৰে তদন্তকাৰী দলে তলব কৰিছে৷ ইয়াৰ মাজতেই ভাৰতত থাকিবৰ বাবে সীমাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক আৱেদনো জনাইছে৷ সীমাই আৱেদনত উল্লেখ কৰিছে যে তেওঁ কোনো কাৰণতে আৰু পাকিস্তানলৈ উভতি নাযায়৷ সন্তানকেইটাক লৈ তেওঁ ভাৰততেই থাকিব৷ এই দেশৰ আইনে যদি শাস্তি দিয়ে তেন্তে সেয়াও মানি ল’বলৈ তেওঁ সাঁজু৷ কেৱল ৰাষ্ট্ৰপতিকেই নহয় এই একেই আৱেদন জনাইছে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ