অসম লাইভ২৪ঃ ফেছবুকত পাকিস্তানৰ যুৱকৰ সৈতে আলাপ। ইয়াৰপাছতেই স্বামী আৰু সন্তানক এৰি কাটাতাঁৰৰ বেৰ পাৰ হৈ পাকিস্তানত ভৰি দিলে ৰাজস্থানৰ অঞ্জুৱে। অঞ্জুৰ স্বামী আৰু দুই সন্তানে এতিয়াও মানি ল’ব পৰা নাই সমগ্ৰ ঘটনাক। প্ৰথমে নাছৰুল্লাই দাবী কৰিছিল যে তেওঁলোকৰ মাজত কোনোধৰণৰ প্ৰেমৰ সম্পৰ্ক নাই। কিন্তু নাছৰুল্লাই এই দাবীৰ ২৪ ঘণ্টাৰ পাছতেই পোহৰলৈ আহিছে আন এক তথ্য। ভাইৰেল খবৰ অনুসৰি অঞ্জু ইছলামলৈ ধৰ্মান্তৰিত হৈছে। অঞ্জুৰ নতুন নাম এতিয়া ফাতিমা। ধৰ্মান্তৰিত লৈ নিকাহ কৰাইছে নাছৰুল্লা আৰু ফাতিমাই।
অঞ্জুৱে ফাতেমা হৈ নিকাহ কৰোৱাক লৈ লজ্জিত হৈছে অঞ্জুৰ পৰিয়াল। অঞ্জুৰ পিতৃ গয়া প্ৰসাদ থমাছৰ দাবী তেওঁৰ কন্যাৰ মৃত্যু ঘটিছে। তেওঁক পৰিয়ালে সম্পূৰ্ণৰূপে ত্যাগ কৰিছে। তেওঁৰ পিতৃ এতিয়া মধ্যপ্ৰদেশৰ বাসিন্দা। পিতৃয়ে কয়, ‘দুই সন্তান আৰু স্বামীক এৰি পলাই যোৱা কন্যাক পৰিচয় দিবলৈ মই লাজ পাইছো। যদি এইবোৰেই কৰিবলগা আছিল তেন্তে পূৰ্বৰ স্বামীক আইনীভাৱে ডিভোৰ্ছ দি যাব লাগিছিল। মোক ১৩ বছৰীয়া এজনী নাতিনী আছে। নাতিৰ বয়স এতিয়া ৫বছৰ। জোঁৱাইৰ ভৱিষ্যতো তাই সম্পূৰ্ণ ধ্বংস কৰি দিলে। সন্তান কেইটিক এতিয়া মাক অবিহনে কোনে চাব সেয়াহে মোৰ চিন্তা।’
অঞ্জুক ঘূৰাই অনাৰ বাবে অঞ্জুৰ পিতৃ আৰু স্বামীয়ে এতিয়ালৈ আৱেদন কৰা নাই। পিতৃয়ে জনোৱা অনুসৰি তেওঁলোকে অঞ্জুক ঘূৰাই নিবিচাৰে। আৰক্ষীয়েও ইতিমধ্যেই পিতৃক সোধপোছ কৰিছে। পিতৃয়ে এই সন্দৰ্ভত কয়, ‘তাই কেনেকৈ ভিছা, পাছপৰ্ট পালে আমি একো গম নাপাও। তাই দেশ এৰাৰ পাছতেই আমি বহুত গঞ্জনাৰ সন্মুখীন হৈছো। আমাক কি সোধপোছ কৰিব লগা আছে কৰিব পাৰে আমি সম্পূৰ্ণ সহযোগীতা আগবঢ়াম।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ