অসম লাইভ ২৪ঃ সুশান্ত সিং ৰাজপুতৰ অনুৰাগীৰ বাবে ১৯ আগষ্ট দিনটো এটা গুৰুত্বপূর্ণ দিন। দুমাহজোৰা প্ৰতিবাদ, আবেদনৰ পাছত বুধবাৰে উচ্চতম ন্যায়ালয়ে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত চিবিআইক অর্পণ কৰে। এই নির্দেশৰ পাছতে অভিনেতাজন সম্পর্কে এক অদ্ভূট তথ্য আগবঢ়ালে ৰাম নৰেশ দিবাকৰে। সুশান্তৰ সহশিল্পী হিচাপে কাম কৰিছিল ৰাম নৰেশ দিবাকৰে। দিবাকৰে জানে সুশান্তৰ ঘৰত কিয় কফিন ৰখা হৈছিল। সম্প্ৰতি দিবাকৰে ইনষ্টাগ্ৰামত সুশান্তৰ সৈতে কটোৱা এটা ভিডিঅ’ শ্বেয়াৰ কৰে। সুশান্তে ঘৰত কিয় কফিন ৰাখিছিল, সেই প্ৰসংগত দিবাকৰে জনাইছে যে অভিনেতাজনে তেওঁৰ সকলো পুৰস্কাৰ সেই কফিনত সজাই ৰাখিছিল। কিন্তু বাসগৃহত ইমান ঠাই থাকোতে হঠাৎ কফিন কিয়? উত্তৰত সুশান্তে কৈছিল, এই পুৰস্কাৰ-সফলতাৰ বাবে কেতিয়াও যেন তেওঁ অহংকাৰী হৈ নপৰে, যেন সকলো সময়ত তেওঁৰ ভৰি মাটিতেই থাকে, সেই বাবেই পুৰস্কাৰসমূহ কফিনত সজাই ৰাখিছিল সুশান্তে। দিবাকৰে জনাইছে যে কোনো দিন সুশান্তৰ অহংকাৰ দেখা পোৱা নাছিল। নিজৰ জগতত সদায় ব্যস্ত থাকে সুশান্ত। তেওঁ যে আত্মহত্যা কৰিব পাৰে, সেয়া বিশ্বাসেই নহয়। আনফালে সুশান্তৰ পৰিচাৰক নিৰজক জেৰা কৰে আৰক্ষীয়ে। জেৰাত নিৰজে জনাইছে দর্জা ভাঙি সুশান্তৰ ঘৰত প্ৰথম প্ৰৱেশ কৰিছিল বন্ধু সিদ্ধার্থ পৃথানী। আনকি অভিনেতাজনক ওলমি থকা অৱস্থাৰ পৰা নমাই আনিছিল সিদ্ধার্থে। মৃত্যুৰ পূর্বে নিৰজৰ সৈতে শেষ কথা হয় সুশান্তৰ। সুশান্তে কৈছিল গাটো ভাল লগা নাই, এগিলাচ ঠাণ্ডা পানী দিয়া। কিন্তু ইফালে বন্ধু সিদ্ধার্থৰ ভাষ্য আছিল বিসংগতিপূর্ণ। সকলোৱে বিচাৰিছে সুশান্তে ন্যায় পোৱাটো। কিন্তু সুশান্তে সুবিচাৰ পাবনে? কি ক’ব আপুনি, কমেণ্ট কৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















