অসম লাইভ ২৪ঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দর্ভত CBIয়ে তদন্ত চলাই আছে তীব্ৰ গতিত। সুশান্তক ড্ৰাগছ দিয়া হৈছিল প্ৰতিদিনে। সেই অভিযোগ উত্থাপন হৈছিল ৰিয়া চক্ৰৱর্তীৰ বিৰুদ্ধে। অভিযোগ আছিল ড্ৰাগছৰ বেহা চলাইছিল ৰিয়াই। এই সন্দর্ভ নার্কোটিক কণ্ট্ৰ’ল ব্যুৰ’ই তদন্ত চলাই প্ৰথমবাৰৰ বাবে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোকজন ৰিয়াৰ ভাতৃ সৌভিকৰ সৈতে যোগাযোগ আছিল। সম্প্ৰতি লোকজনক জেৰা চলোৱা হৈছে যে কেনেকৈ তেওঁ সৌভিকৰ সংস্পর্শলৈ আহিছিল? গ্ৰেপ্তাৰ হোৱা লোকজনক বুধবাৰে অর্থাৎ আজি আদালতত হাজিৰ কৰা হ’ব। NCBয়ে জনাইছে কৰণ আৰু আব্বাছ নামৰ দুজন যুৱকক সোধা-পোচাৰ পাছতে সেই লোকজনক ড্ৰাগছসহ আটক কৰা হৈছে। উল্লেখযোগ্য যে পূর্বে কৰণ আৰু আব্বাছৰ পৰা বিইউডি নামৰ ড্ৰাগছ জব্দ কৰা হৈছিল। অৱশ্যে ড্ৰাগছৰ পৰিমাণ কম থকাৰ বাবে আদালতৰ পৰা জামিন পাইছিল দুয়োৱে। আশা কৰা হৈছে সুশান্তৰ মৃত্যুত জড়িতসকল শীঘ্ৰেই CBIৰ জালত পৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ