• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোঁৱৰণঃ বিষ্ণুপ্ৰসাদ ৰাভা… ৰাভা কাৰ দৃষ্টিত কেনেকুৱা? ৰাভাৰ মৃত্যুত কোনে কৈছিল, ‘একুৰা জুইক চিতাৰ জুইয়ে এক কৰি অমৰ জুইত পৰিণত কৰি পেলালে’

সোঁৱৰণঃ বিষ্ণুপ্ৰসাদ ৰাভা… ৰাভা কাৰ দৃষ্টিত কেনেকুৱা? ৰাভাৰ মৃত্যুত কোনে কৈছিল, ‘একুৰা জুইক চিতাৰ জুইয়ে এক কৰি অমৰ জুইত পৰিণত কৰি পেলালে’

3 years ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

2 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

2 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

4 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

4 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

5 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

20 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

20 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

21 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

21 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

22 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

23 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সোঁৱৰণঃ বিষ্ণুপ্ৰসাদ ৰাভা… ৰাভা কাৰ দৃষ্টিত কেনেকুৱা? ৰাভাৰ মৃত্যুত কোনে কৈছিল, ‘একুৰা জুইক চিতাৰ জুইয়ে এক কৰি অমৰ জুইত পৰিণত কৰি পেলালে’

editor by editor
June 20, 2023
in অসম, লেখা
0
সোঁৱৰণঃ বিষ্ণুপ্ৰসাদ ৰাভা… ৰাভা কাৰ দৃষ্টিত কেনেকুৱা? ৰাভাৰ মৃত্যুত কোনে কৈছিল, ‘একুৰা জুইক চিতাৰ জুইয়ে এক কৰি অমৰ জুইত পৰিণত কৰি পেলালে’
0
SHARES
561
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিষ্ণুৰাভাক আপুনি যি উপমা দিয়ে সেই উপমাই তেওঁৰ সৈতে খাপ খাই পৰে। ৰাভা জাতীয়তাবাদী, ৰাভা শিল্পী, ৰাভা বিপ্লৱী ইত্যাদি ইত্যাদি। ১৯৬৯ চনৰ ২০ জুনত বিষ্ণু ৰাভাই বিদায় মাগিলেও আজিও কিন্তু তেওঁ সমানেই প্ৰাসংগিক। ৰাভাক লৈ বহুতেই বহুধৰণে বাখ্যা দি আহিছে। তথাপিও বিষ্ণুৰাভাৰ সান্নিধ্য লাভ কৰা কেইগৰাকীমান ব্যক্তিয়ে ৰাভা সম্পৰ্কে কোৱা এইখিনি কথাই বিষ্ণু ৰাভা কোন আছিল সেয়া বুজাত সহায়ক হৈ পৰে।

বিষ্ণু ৰাভা সন্দৰ্ভত ডঃ ভূপেন হাজৰিকাই কি কৈছিল?
বিষ্ণু ৰাভাৰ মৃত্যুৰ পাছত ডঃ ভূপেন হাজৰিকাই কৈছিল, ‘বিষ্ণু ৰাভাই পাৰ্থিৱ অস্তিত্ব হেৰুওৱা এমাহ হ’ল। ২০ জুনত শোণিতপুৰৰ মৰাভৰালী আৰু লুইতৰ সঙ্গমস্থলত উদ্দাম বিপ্লৱী ৰাভাৰ দেহ চিতাগ্নিয়ে সামৰি ল’লে। একুৰা জুইক চিতাৰ জুইয়ে একে কৰি অমৰ জুইত পৰিণত কৰি পেলালে। বিপ্লৱী মনৰ লোকৰ মনত সৰু সৰু জুই জ্বলালেই বিষ্ণু ৰাভাৰ আদৰ্শই শান্তি পাব। অসমৰ চিৰ যৌৱনৰ প্ৰকাশ সেমেকি গ’লেহে বিষ্ণু ৰাভাৰ মনৰ অগনিয়ে কষ্ট পাব।’ বিষ্ণু প্ৰসাদ ৰাভাৰ সোঁৱৰণিত ভূপেন হাজৰিকাই লগতে কৈছিল, ‘ৰাভা দাই এষাৰ কথা কৈছিল সেই কথাষাৰেই মোক জীৱনৰ মূল্যবোধ শিকাইছিল, গুৱাহাটীৰ এখন বিহু সন্মীলনীত ৰাভাদাই কৈছিল, ‘আপোনালোকে মোক কয় জীৱন শিল্পী, মই যদি সঁচাকৈয়ে শিল্পী হওঁ তেনেহলে সেয়া ভগৱানৰ কৃপাত নহওঁ, জনতাৰ সৃজন শক্তিতহে হওঁ।’’

হেমাংগ বিশ্বাসে ৰাভাক লৈ কি কৈছিল?

হেমাঙ্গ বিশ্বাসে ৰাভাক লৈ লিখা এটা লেখাত লিখিছিল, ‘ৰাভাই বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ সভ্য হিচাপে সমাজবাদৰ প্ৰতিষ্ঠাৰ কাৰণে একালত যি বন্দুক তুলি লৈছিল, সেই হাতেৰেই তেওঁ শতাধিক গীত ৰচনা কৰিছে। সেই হাতেৰেই তেওঁ ছবি আঁকিছে। গাঁৱৰ কৃষকৰ লগত একেলগে নাচিছে, গাইছে। অসমৰ ঐতিহ্যমূলক ওজাপালি, সত্ৰীয়া নাচ, বহিৰ্জগতত সুধী সমাজৰ আগত পৰিবেশন কৰিছে। জীৱনৰ বহুকাল যাৰ কাৰাগাৰৰ অন্তৰালত তেঁৱেই আকৌ ফিল্ম ষ্টুডিঅ’ৰ বন্তিৰ পোহৰত থাকি চিত্ৰ পৰিচালনা কৰিছে। ৰাভা আছিল পাহাৰ আৰু সমতলৰ সবাতোকৈ প্ৰিয় লোক। সমন্বয়ৰ হেতু।’

কবি অমলেন্দু গুহই কি কৈছিল?
অমলেণ্ডু গুহে ৰাভাৰ প্ৰসংগত লিখিছিল, ‘বিষ্ণুৰাভা যেন অসমৰেই প্ৰতীক। বিভিন্ন সাধনা আৰু বহুমুখী প্ৰচেষ্টাৰ মাজেদি তেওঁ লক্ষ্যৰ সেই ঐক্যত উপনীত হৈছিলগৈযি আজি অসমৰ তথা ভাৰতৰ শোষিত সমাজৰ শ্ৰমিক কৃষক আৰু দৰিদ্ৰ উপজাতীয় মানুহৰ জীয়াই থকাৰ আন্দোলনৰ কেন্দ্ৰবিন্দু।’

বাংলা লেখক নিৰঞ্জন সেনগুপ্তই ৰাভাৰ প্ৰসংগত কৈছিল, ‘মই দুজন ৰাভাক চিনি পাওঁ। এজনে গান গায়, নৃত্য কৰে, লিখে আৰু হো হোকৈ আপোনভোলা হৈ হাঁহে। আনজনে নিজৰ ভিতৰত ষ্টেনগান লৈ কৃষক বিদ্ৰোহৰ পাতনি মেলে।’

কবি লক্ষ্যধৰ চৌধুৰীৰ দৃষ্টিত বিষ্ণুপ্ৰসাদ ৰাভা?

লক্ষ্যধৰ চৌধুৰীয়ে লিখিছিল, ‘নাঙল যাৰ মাটি তাৰ এই আন্দোলনত এদিন ৰাভাইয়ো জঁপিয়াই পৰিছিল। ১৯৬৭ চনৰ কথা। আমি একেটা ৰাজনৈতিক মতবাদত বিশ্বাসী নহ’লেও আমাৰ মাজত মিল আছিল। আমি বিৰোধী দলৰ বিধায়ক আছিলো। তেতিয়া শাসকদলত কংগ্ৰেছ আছিল। বিৰোধী বিধায়ক হোৱাৰ বাবেই শ্বিলঙত ৰাভাক নিচেই ওচৰত পাইছিলো। তেতিয়াই তেওঁক বুজিবলৈ সুযোগ পাইছিলো। কিন্তু ৰাভাৰ আকাশলঙ্ঘী মনটোক আমাৰ বাওনা মনে সহজে বুজি পোৱা নাছিলো। বিষ্ণু ৰাভা ভ্ৰাম্যমাণ ব্যক্তি। তেওঁ কাহানিও থিৰেৰে থাকিব নোৱাৰে। উৰি ফুৰে, বিপ্লৱৰ কঠিয়া সিঁচাই তেওঁৰ লক্ষ্য। ৰাভাক দেখি মই তবধ মানিছিল। ঘূৰি ফুৰা ৰাভাৰ পৰা জ্ঞানগৰ্ভ আৰু তথ্যপূৰ্ণ কথা শুনাৰ সৌভাগ্যও ঘটিছিল।

হেম বৰুৱাই ৰাভা সন্দৰ্ভত কি কৈছিল?
হেম বৰুৱাই কৈছিল, ‘স্বাধীন ভাৰতত যিগৰাকী শিল্পী-সংস্কৃতিৰ পূজাৰী, বিপ্লৱী পুৰুষক চৰকাৰে ডকাইত বুলি গণ্য কৰিছিল, সেইজন শিল্পী, সংস্কৃতিৰ পূজাৰী আন কোনো নহয়। তেঁৱেই বিষ্ণুপ্ৰসাদ ৰাভা।

আজি বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৪ সংখ্যক মৃত্যুবাৰ্ষিকী ৰাজ্যজুৰি পালন কৰা হৈছে। ৰাভাক গীতে মাতে সোঁৱৰিছে ৰাজ্যবাসীয়ে। ৰাভা কেৱল সংগীত শিল্পীয়েই নহয়। ৰাভা আছিল একাধিক গুণৰ অধিকাৰী। ধৈৰ্য্যশীল, সাহসী, কষ্টসহিষ্ণু, প্ৰেমিক, শিল্পী, বিপ্লৱী, ৰাজনীতিবিদ, কণ্ঠশিল্পী, বাদ্যযন্ত্ৰী, ভাস্কৰ্যবিদ, সুৰকাৰ, সশস্ত্ৰ বিপ্লৱী, সংগ্ৰামী ইত্যাদি ইত্যাদি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?
জীৱনশৈলী

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

September 9, 2026
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?
বিনোদন

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

September 9, 2026
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?
জীৱনশৈলী

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

September 9, 2026
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!
নিয়োগ

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

September 9, 2026
Next Post
প্ৰেমত পৰিছিল, প্ৰতিশ্ৰুতিও দিছিল, কিন্তু বিবাহ ভাঙিলে ভাৰত-চীনৰ যুদ্ধই! ৰতন টাটা অবিবাহিত কিয়, জানেনে?

প্ৰেমত পৰিছিল, প্ৰতিশ্ৰুতিও দিছিল, কিন্তু বিবাহ ভাঙিলে ভাৰত-চীনৰ যুদ্ধই! ৰতন টাটা অবিবাহিত কিয়, জানেনে?

নামতহে নৱাব! ৫০০০কোটিৰ সম্পত্তি আছে যদিও এটা ফুটাকড়িও নাপাব তেওঁৰ সন্তানে, কিন্তু কিয়?

নামতহে নৱাব! ৫০০০কোটিৰ সম্পত্তি আছে যদিও এটা ফুটাকড়িও নাপাব তেওঁৰ সন্তানে, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.