অসম লাইভ ২৪ঃ সোমবাৰৰ পৰা উপলব্ধ হ’ব ক’ৰোনা প্ৰতিষেধক। আমেৰিকাত সোমবাৰৰ পৰা সাধাৰণ জনতাই লাভ কৰিব ক’ৰোনাৰ প্ৰতিষেধক। ‘ফাইজাৰ’ ভেকচিন প্ৰয়োগৰ অনুমোদন জনাইছে প্ৰশাসনে। উল্লেখ্য, আমেৰিকাত কোভিড-১৯য়ে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। মাত্ৰ এটা দিনতে দেশখনত ৩,৩০৯ গৰাকী লোকৰ মৃত্যু হয়। ইয়াৰ মাজতে ক’ৰোনাৰ প্ৰতিষেধক প্ৰয়োগৰ বাবে প্ৰশাসনে লোৱা সিদ্ধান্ত সকাহ লাভ কৰিছে নাগৰিকসকলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ