অসম লাইভ ২৪ঃ কোনো এডাল মোটা, কোনো এডাল পাতল। কোনোডাল সমগ্ৰ শৰীৰত ঘূৰিছে। এইদৰে নানা আকৃতিৰ, নানা চেহেৰাৰ সাপ ঘূৰিছে খালী শৰীৰত। এয়া কোনো শাস্তি নহয়, বৰঞ্চ মানুহক আৰাম দিয়াৰ এয়া নতুন উপায়। শৰীৰত নানা আকৃতিৰ সাপ এৰি দি কৰা হয় স্নেক মাছাজ অৰ্থাৎ সাপৰ দ্বাৰা কৰা হয় এই মাছাজ। আৰু তাতেই সুখ অনুভৱ কৰে মানুহে। কিন্তু এটা কথা সত্য দুৰ্বল হৃদয়ৰ মানুহৰ বাবে নহয়। কাৰণ গোটেই শৰীৰত সাপ এৰি দিয়াৰ পিছত সেই সাপে খালী শৰীৰত যেতিয়া মেৰাই ধৰিব নানা অংগত তেতিয়া ভয় খালেই বিপদ। গ্ৰাহকৰ শৰীৰ, মনক সতেজ কৰি তোলাটোৱেই এই মাছাজৰ অন্যতম উদ্দেশ্য। মানুহৰ মন, শৰীৰ সাপ দি যে সতেজ কৰিব পাৰে সেয়া কল্পনাৰ অগোচৰ আছিল। কিন্তু মিছৰৰ কায়ৰো চহৰত এই মাছাজে প্ৰমাণ কৰি দিলে যে এয়া সম্ভৱ। ৩০ মিনিটৰ এই মাছাজৰ পিছত গ্ৰাহকে সুখ অনুভৱ কৰে। আৰু তাতেই এই অভিনৱ মাছাজৰ সফলতা লুকাই আছে। অৱশ্যে এই মাছাজত বিভিন্ন প্ৰজাতিৰ সাপ ব্যৱহাৰ হ’লেও সেই সাপ বিষহীন। অৱশ্যে মাছাজত থাকে এজন দক্ষ ট্ৰেইনাৰ। গ্ৰাহকৰ যাতে কোনো ক্ষতি নহয় তাৰ ওপৰত কঠোৰ দৃষ্টি ৰখাই তেওঁৰ মূল কাম। ইতিমধ্যে এই মাছাজ কায়ৰো চহৰতো বাদেই সমগ্ৰ বিশ্বতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ