অসম লাইভ ২৪ঃ পুনৰ দুসপ্তাহৰ বাবে গুৱাহাটী মহানগৰ জিলাত ‘লকডাউন’ৰ ম্যাদ বৃদ্ধিৰ সিদ্ধান্তক জনবিৰোধী আৰু শাসকৰ অবিবেচক নীতিৰ নগ্ন প্ৰকাশ বুলি অভিহিত কৰিছে আঞ্চলিক গণ মৰ্চাই। কাৰ পৰামৰ্শ মতে বা কোন ‘নাগৰিক’ সমাজৰ প্ৰতিনিধিৰ লগত আলোচনা কৰি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া ৰাজহুৱা কৰি চৰকাৰে সাহসৰ পৰিচয় দিয়ক। জানিব পৰা মতে, প্ৰতিখন থানা এলেকাত মুষ্টিমেয় ব্যক্তিক লৈ তাহানিতে ৰাজনৈতিক লাভালাভৰ অংকৰে গঠন কৰি থোৱা ‘নাগৰিক সমিতি’কে গুৱাহাটীৰ নাগৰিক সমাজ বুলি দেখুৱাই এই একপক্ষীয় সিদ্ধান্ত জাপি দিয়া হৈছে।
আজি প্ৰকাশ কৰা এটা বিবৃতিত আঞ্চলিক গণ মৰ্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞাই কয় যে কেৱল শাসকীয় দল বা চৰকাৰখনেই ৰাইজক প্ৰতিনিধিত্ব নকৰে। বিৰোধী ৰাজনৈতিক দল, সামাজিক সংগঠন, জাতীয় সংগঠনসমূহেও ৰাইজক প্ৰতিনিধিত্ব কৰে। বঁটা-বাহন, চৰকাৰী সা-সুবিধাৰ লালসাত মত্ত কেইজনমান সুবিধাবাদী ব্যক্তিক ‘নাগৰিক সমাজ’ বুলি দেখুৱাই অত্যাচাৰী এই চৰকাৰখনে গ্ৰহণ কৰা এনে সিদ্ধান্তৰ বিষম পৰিণতি বিজেপি চৰকাৰে অতি শীঘ্ৰেই ভুগিবলৈ সাজু হৈ থাকক। যি সময়ত স্বয়ং কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে স্পষ্টকৈ প্ৰকাশ কৰিছে যে দেশত ক’ৰোনাৰ ‘গণ সংক্ৰমণ’ নাই হোৱা আৰু সেয়ে ‘সামাজিক দূৰত্ব’ বজাই ‘মাস্ক’, ‘হেণ্ড গ্ল’ভ্ছ’ পৰিধান কৰি নিয়মীয়া জীৱন নিৰ্বাহত বাধা নাই। কিন্তু সেই সকলো নস্যাৎ কৰি অসমৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ স্বৈৰাচাৰিতাৰে সাধাৰণ মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিছে। কোনোধৰণৰ স্বচ্ছতা অবিহনেই চৰকাৰখনে ক’ৰোনাৰ বিৰুদ্ধে তথাকথিত এই যুদ্ধখন চলাইছে। ক’ভিডৰ পৰা বচোৱাৰ নামত মাহ মাহ ধৰি সৰ্বসাধাৰণ মানুহক লকডাউনৰ আৱৰ্তত ৰাখি দৰিদ্ৰ, নিম্ন মধ্যবিত্ত, খুচুৰা ব্যৱসায়ী, দিন হাজিৰা কৰা মানুহ, অ’লা-উবেৰ, ই-ৰিক্সা, অট’চালকসকলৰ পৰিয়ালসমূহক তিলতিলকৈ ভাতে মৰাৰ ব্যৱস্থা কৰিছে। ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী মহলত হাহাকাৰ সৃষ্টি হৈছে। অথচ এইসকলৰ জীৱন নিৰ্বাহৰ কোনো বিকল্প ব্যৱস্থা নাই। ‘আমি চৰকাৰক সুধিব খুজিছো- ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সিদ্ধান্ত লোৱা কমিটীত কেইগৰাকী এপিডমল’জিষ্ট (মহামাৰী-বিশেষজ্ঞ) আছে? কোন কোন আছে? ইয়াৰ উত্তৰ ৰাজহুৱা কৰক।’ নে এজন মাত্ৰ মন্ত্ৰী আৰু দুজনমান আমোলাই সিদ্ধান্ত লৈ ৰাইজক জুৰুলা কৰাৰ অভিপ্ৰায় চৰিতাৰ্থ কৰি গৈছে। নিজৰ জিদ পূৰণ কৰিবলৈ আৰু কেন্দ্ৰৰ শকত পুঁজি আহৰণ কৰিবলৈ সঁচাই-মিছাই ক’ভিড-১৯ৰ ভয়ংকৰ সংক্ৰমণৰ ছবি এখন তুলি ধৰিবলৈ এইগৰাকী মন্ত্ৰীয়ে এতিয়া নিজৰ খেয়াল-খুচি মতে সাধাৰণ জনতাক পণবন্দী কৰিছে। দৰাচলতে বিৰোধী ৰাজনৈতিক দল, বিজেপিবিৰোধী শক্তিসমূহক ‘গৃহবন্দী’ কৰি ৰাখিবলৈ এই নিকৃষ্ট ৰাজনৈতিক চাতুৰি চলাই যোৱা হৈছে বুলি আজি সকলোৱে বুজি উঠিছে।
বিবৃতিটোত মুখ্য আহ্বায়ক শ্ৰী ভূঞাই কয় যে ক’ৰোনাৰ ভয়াৱহতাৰ নাটকতকৈ দৰিদ্ৰ মানুহক ক্ষুধাৰ জুইৰ ভয়াৱহতা হিমন্ত বিশ্ব শৰ্মাৰ দৰে মন্ত্ৰীৰ বোধগম্য নোহোৱাটোৱেই স্বাভাৱিক। কিন্তু আমি চৰকাৰক সতৰ্ক কৰি দিব খোজো যে এই স্বৈৰাচাৰিতা ওফৰাই বাধ্য হৈ সৰ্বসাধাৰণ ৰাইজ ৰাজপথলৈ ওলাই আহিলে তাৰ বাবে অসম চৰকাৰখনেই দায়ী হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ