অসম লাইভ ২৪ঃ ক’ৰোনা ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱনৰ বাবে সমগ্ৰ বিশ্ব ব্যস্ত হৈ থকাৰ সময়ত ৰাছিয়াই আনিছে ভাল খবৰ। ৰাছিয়াৰ এদল গৱেষকে দাবী কৰিছে তেওঁলোকে উদ্ভাৱন কৰা ক’ৰোনা ভাইৰাছৰ প্ৰতিষেধকৰ মানৱ দেহত সফল পৰীক্ষণ সম্পন্ন হৈছে। ‘ছেচেন’ভ বিশ্ববিদ্যালয়ে’ উদ্ভাৱন কৰা প্ৰতিষেধকবিধৰ ১৮ জুনৰ পৰা ক্লিনিকেল পৰীক্ষণ সম্পন্ন হোৱা বুলি গৱেষকৰ দলে দাবী কৰে। স্বেচ্ছাসেৱকৰ ওপৰত প্ৰয়োগ কৰা এই প্ৰতিষেধকৰ ফলাফল ইতিবাচক বুলি কয় গৱেষকসকলে। যদি এয়ে হয়, তেনহ’লে বিশ্বৰ প্ৰথমটো ক’ৰোনা ভাইৰাছৰ প্ৰতিষেধক হৈ উঠিব ৰাছিয়াই উদ্ভাৱন কৰা এই প্ৰতিষেধকেই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ