অসম লাইভ ২৪ঃ
আপুনি ধূমপান কৰে নেকি?
আপোনাৰো আছে নেকি ধূমপানৰ দৰে বদ অভ্যাস?
তেনেহ’লে আপোনাৰ বাবে এটা দুঃসংবাদ। এইবাৰ ভাৰত চৰকাৰ অধিক কঠোৰ হৈছে ধূম্ৰপায়ীৰ বিৰুদ্ধে। এতিয়াৰে পৰা হোটেল, ৰেষ্টুৰেণ্ট, এয়াৰপ’ৰ্টত বন্ধ কৰি দিয়া হ’ব স্ম’কিং জ’ন।
আনহাতে, ২১ বছৰৰ তলৰ ব্যক্তিক চিগাৰেট বিক্ৰী কৰিলে ভৰিব লাগিব ১ লাখ টকাপৰ্যন্ত জৰিমনা। অন্যথা খাটিব লাগিব ৭ বছৰৰ কাৰাদণ্ড। একেদৰে ৰাজহুৱা স্থানত ধূমপান কৰিলে ২,০০০ টকা জৰিমনা ভৰিব লাগিব ধূম্ৰপায়ীয়ে।
অৱশ্যে চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতিবাদ জনাইছে ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰেতা সংস্থাসমূহে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ