অসম লাইভ২৪ঃ
প্ৰশ্নকাকত ফাদিল হােৱাৰ পৰিপ্ৰেক্ষিতত ছেবাই অহা ১৮ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া মাতৃভাষা বিষয়ৰ পৰীক্ষা বাতিল কৰিছে৷
পৰীক্ষাৰ এদিন পূৰ্বে এই বাতিল হােৱা পৰীক্ষাৰ নতুন দিনো ঘােষণা কৰিছে ছেবাই।
ছেবাৰ নতুন নিৰ্দেশনা অনুসৰি অহা ১ এপ্ৰিলত অনুষ্ঠিত হ’ব মাতৃভাষা বিষয়ৰ পৰীক্ষা।
ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণােজ পেগুৱে শুকুৰবাৰে টুইটাৰৰ জৰিয়তে ছেবাৰ নিৰ্দেশনা প্ৰকাশ কৰে।
বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি প্ৰকাশ কৰিছিল পৰীক্ষা বাতিলৰ কথা৷
প্ৰশ্নকাকত ফাদিল কাণ্ডত গ্ৰেপ্তাৰ হােৱা এগৰাকী শিক্ষকে অসমীয়া বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা বুলি তদন্তত স্বীকাৰ কৰাৰ পাছতেই এই টুইট৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ