অসম লাইভ২৪ঃ তথ্যপ্ৰযুক্তিৰ হাতত ধৰি আগবাঢ়িছে মানৱ সমাজ৷ প্ৰযুক্তিৰ পৃথিৱীত নতুনকৈ সংযোজিত হৈছে এক প্লেটফৰ্ম ChatGPT. ChatGPT বৰ্তমানো সকলোৰে বাবে মুকলি কৰা হোৱা নাই৷ পৰীক্ষামূলকভাৱে একাংশই দৈনন্দিন কাৰ্যত ব্যৱহাৰ কৰিবলৈ লওতেই ইয়াৰ কাৰ্যক্ষমতা দেখি হতবাক সকলো৷ এই কৃত্ৰিম বুদ্ধিমত্তাক লৈ বিস্ময় যেনেদৰে বাঢ়িছে তেনেকৈয়ে এক অজান ভয়েও দেখা দিছে৷ কাৰণ বহু মানুহৰ কাৰ্য অকলেই কৰি পেলোৱাৰ ক্ষমতা আছে ChatGPT-ৰ৷
আমেৰিকাৰ বেছিভাগ সংস্থাই ChatGPT ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে৷ সাম্প্ৰতিক সমীক্ষাত প্ৰকাশ পোৱামতে, সেই সংস্থাসমূহে ChatGPT অহাৰ পিছত বহুসংখ্যক কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিছে৷ কেৱল আমেৰিকাতেই এনে হৈছে নহয়৷ সমগ্ৰ বিশ্বতেই ChatGPT-ৰ পৰীক্ষামূলক ব্যৱহাৰ আৰম্ভ হৈছে৷ কৃত্ৰিম বুদ্ধিমত্তাৰ উন্নত ভাৰ্ছন ChatGPTয়ে ১৮ খন ক্ষেত্ৰত কাম কৰা কৰ্মচাৰীলৈ কঢ়িয়াইছে বিপদ৷
কি কি ক্ষেত্ৰত কাম হেৰুৱাব পাৰে মানুহে?
ChatGPT য়ে সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিলে চাকৰি হেৰুৱাব পাৰে ডাটা এণ্ট্ৰি অপাৰেটৰ, প্ৰুফৰিডাৰ, বুককিপাৰ, অনুবাদক, কপিৰাইটাৰ, গ্ৰাহক সেৱা প্ৰতিনিধি, পেৰালিগাৰ, মাৰ্কেট ৰিচাৰ্ছ এনালিষ্ট, ছচিয়েল মিডিয়া মেনেজাৰ, এপইণ্টমেণ্ট স্কেডিওলাৰ, ট্ৰান্সস্ক্ৰিপছনিষ্ট, নিউড ৰিপৰ্টাৰ, ট্ৰেভেল এজেণ্ট, টিউচন মাষ্টৰ, টেকনিকেল ছাপৰ্ট এনালিষ্ট, ইমেইল মাৰ্কেটাৰ, কনটেণ্ট মডাৰেটৰ, নিয়োগকৰ্তা আদিয়ে চাকৰি হেৰুৱাব পাৰে৷
উল্লেখ্য যে কমসময়তে নিৰ্ভুলভাৱে কাম কৰাৰ বাবে বিভিন্নক্ষেত্ৰত সমাদৰ লাভ কৰিছে ChatGPTয়ে৷ যেনে গাণিতিক সমাধান, সাহিত্যৰ জ্ঞান, ভাষাৰ দক্ষতা সকলোবোৰতেই দ্ৰুতসময়তে সঠিক উত্তৰ দাঙি ধৰিবলৈ সক্ষম ChatGPT. কেৱল সাধাৰণ লোকেই নহয় ChatGPTৰ পৰা ভৱিষ্যতে আহিবলগা পৰিবৰ্তন সন্দৰ্ভত মত প্ৰকাশ কৰিছে টুইটাৰৰ চিইঅ’ এলন মাস্কেও৷ এলন মাস্কে ChatGPT সন্দৰ্ভত কয়, মানুহৰ সকলো কাম ChatGPTয়ে কৰিলে মানুহলৈ কি কাম বাকী থাকিব?’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ