অসম লাইভ২৪ঃ ৫০ বছৰ বয়সত আকৌ পিতৃ হ’ল কৰিঅ’গ্ৰাফাৰ প্ৰভু দেৱা। ২০২০ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছিল। প্ৰভু দেৱাৰ দ্বিতীয় বিবাহে সকলোকে আচৰিতো কৰি তুলিছিল। নৃত্য পৰিচালক, অভিনেতা প্ৰভু দেৱাই দ্বিতীয় বিবাহ কৰাইছিল হিমানী নামৰ এগৰাকী যুৱতীক। বিবাহৰ প্ৰায় ৩ বছৰ পাছত প্ৰভু আৰু হিমানীৰ মাজলৈ আহিছে এটি সন্তান। পূৰ্বৰ পত্নীৰ পৰা এটা পুত্ৰসন্তান আছে প্ৰভু দেৱাৰ। পিতৃ হোৱাৰ এই খবৰ নিজেই শ্বেয়াৰ কৰিছে প্ৰভু দেৱাই। প্ৰভু দেৱাই সামাজিক মাধ্যমত লিখিছে, ‘খবৰটো সঁচায়ে। ৫০ বছৰত মই আকৌ এবাৰ পিতৃ হ’লো। নিজকে পূৰ্ণ হোৱা যেন লাগিছে। মই এই খবৰ শ্বেয়াৰ কৰিবলৈ পাই খুবেই সুখী।’
পুত্ৰৰ পাছত এইবাৰ কন্য সন্তানৰ পিতৃ হৈছে প্ৰভু দেৱা। অভিনেতা তথা কৰিঅ’গ্ৰাফাৰ প্ৰভু দেৱাই কৈছে যে, তেওঁ পৰিয়ালৰ সৈতেই বেছি সময় কটাই ভাল পায়। কন্যাক কোলাত লৈ সময় কটাই ভালপায় বুলিও জনাইছে প্রভু দেৱাই। লগতে প্ৰভু দেৱাই কৈছে যে এই সময়ত তেওঁ হিমানিক ভাল সময় এখিনি দিব খোজে। কেৱল সময় কটোৱাই নহয় হিমানিক এইসময়ত কেয়াৰ লোৱাটোও খুবেই প্ৰয়োজন।
ইয়াৰোপৰি প্ৰভু দেৱাই কয়, ‘কামৰ বোজা মই পূৰ্বতকৈ কমাইছো। জীৱনটোত বহু কাম কৰিলো। ইমান দিন কেৱল কামেই কৰিলো। এতিয়া পৰিয়ালক সময় দিম ভাৱিছো।’ বলীউড আৰু দক্ষিণৰ চিনেমাজগত দুয়োটাতেই কাম কৰিছে প্ৰভু দেৱাই। ১৯৯০ চনতেই এগৰাকী নৃত্য পৰিচালক হিচাপে ভুমুকি মৰা প্ৰভু দেৱাই ২০০০ চনৰ পৰা এগৰাকী অভিনেতা হিচাপেও বহুকেইখন জনপ্ৰিয় ছবিত কাম কৰিবলৈ লয়। তাৰপিছতেই জনপ্ৰিয় হৈ উঠে প্ৰভু। প্রভু দেৱাই অভিনয় কৰা ‘ইণ্ডিয়ান কাধালান’ৰ পৰা আৰম্ভ কৰি ৱাণ্টেড, ৰাউডি ৰাথোৰ আদি কৰি কেইবাখনো জনপ্ৰিয় ছবিত কাম কৰিছে প্ৰভু দেৱাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















