• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নেহাক মাকে জন্মই দিব খোজা নাছিল! ভাড়াঘৰৰ এটা কোঠালিৰ পৰা কেনেকৈ কোটি কোটি টকাৰ মালিক হ’ল গায়িকা নেহা কক্কৰ?

নেহাক মাকে জন্মই দিব খোজা নাছিল! ভাড়াঘৰৰ এটা কোঠালিৰ পৰা কেনেকৈ কোটি কোটি টকাৰ মালিক হ’ল গায়িকা নেহা কক্কৰ?

3 years ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

17 minutes ago
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

45 minutes ago
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

1 hour ago
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

2 hours ago
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

3 hours ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

4 hours ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

5 hours ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

5 hours ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

5 hours ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

7 hours ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

8 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

নেহাক মাকে জন্মই দিব খোজা নাছিল! ভাড়াঘৰৰ এটা কোঠালিৰ পৰা কেনেকৈ কোটি কোটি টকাৰ মালিক হ’ল গায়িকা নেহা কক্কৰ?

editor by editor
June 13, 2023
in চিনেমা, জীৱনশৈলী, ভাৰত, সংগীত
0
নেহাক মাকে জন্মই দিব খোজা নাছিল! ভাড়াঘৰৰ এটা কোঠালিৰ পৰা কেনেকৈ কোটি কোটি টকাৰ মালিক হ’ল গায়িকা নেহা কক্কৰ?
0
SHARES
5.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিয়াৰ তিনিবছৰ পাৰ নৌহওঁতেই সংসাৰত আওল আৰম্ভ হৈছে সংগীতজ্ঞ নেহা কক্কৰৰ! ৩৫ বছৰীয়া হ’ল গায়ক তথা অভিনেত্ৰী নেহা। কিন্তু এই ৩৫ বছৰীয়া যাত্ৰা জানো নেহাৰ বাবে মসৃণ আছিল? ১৯৮৮ চনত উত্তৰাখণ্ডত জন্মলাভ কৰিছিল নেহাই। দুগৰাকী ভায়েক ভনীয়েকসহ পিতৃ-মাতৃৰ সৈতে এটা মাত্ৰ কোঠাত থাকিয়েই আৰম্ভ হৈছিল নেহাৰ সাংগীতিক যাত্ৰা। এটা সাক্ষাৎকাৰত নেহাই এই সন্দৰ্ভত কৈছিল, ‘মোক মায়ে জন্ম দিয়াৰ কথাই ভৱা নাছিল। আমাৰ ঘৰৰ আৰ্থিক অৱস্থাও বিশেষ ভাল নাছিল।’

অভাৱৰ বাবেই মাতৃয়ে নেহাক জন্ম দিব খোজা নাছিল বুলি সাক্ষাৎকাৰটোত উল্লেখ কৰিছিল নেহাই। পাছলৈ নব্বৈৰ দশকত নেহাৰ পৰিয়ালে কৰ্মৰ সন্ধানত দিল্লীলৈ যায়। এটা সৰু ৰুম ভাড়া কৰি আৰম্ভ হ’ল নেহাহঁতৰ দৈনন্দিনতা। খুব কম বয়সতেই নেহাই বুজি উঠিছিল যে পৰিয়ালটো অভাৱত আছে কিবা এটা কৰিব লাগিব। মাত্ৰ ৪ বছৰ বয়সতেই নেহা সংগীতৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰিল। প্রথমে নেহাই ভজন গাইছিল। নেহাহঁতে য’ত বাস কৰিছিল সেই বিশেষ ভাড়াঘৰতোত নিজাকৈ বুলি এটা পাকঘৰো নাছিল।

নেহাৰ শৈশৱ খুবেই কষ্টৰে অতিবাহিত হৈছে। ভজন গোৱাৰ সেই সময়খিনিত নেহাৰ গানবাজনাৰ প্ৰতি বিশেষ আগ্ৰহ নাছিল। কৰোবাত কিবা সৰু-সুৰা অনুষ্ঠানৰ আয়োজন কৰিলে তাতো গান গাইছিল নেহাই। গানৰ প্ৰতি পোনতে আগ্ৰহ নাথাকিলেও পৰিস্থিতিয়ে গীত গাবলৈ তেতিয়া বাধ্য কৰাইছিল নেহাক। পাছতলৈ নেহা নিজেই গানৰ প্ৰতি আগ্ৰহী হৈ উঠিল। ২০০৪ চনত নেহাই তেওঁৰ ভাতৃৰ সৈতে মুম্বাইলৈ গুচি যায়। মুম্বাইলৈ গৈ নেহাই এটা ৰিয়েলিটি শ্ব’তো অংশগ্ৰহণ কৰে। নেহাই ভাৱিছিল যে এই শ্ব’ত অংশগ্ৰহণ কৰিয়েই নেহাই দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। কিন্তু প্ৰতিযোগিতাত তেওঁৰ যাত্ৰা দিঘলীয় নহ’ল। প্ৰতিযোগীতাৰ আৰম্ভনিতেই নেহাই প্ৰতিযোগিতাৰ পৰা বাদ পৰে।

যি ৰিয়েলিটি শ্ব’ৰ জড়িয়তে নিজকে গায়িকা হিচাপে পৰিচিত হোৱাৰ আশা কৰিছিল তাৰ পৰা তেওঁ বাদ পৰে। তিন্তু ইয়াৰ ফলত নেহা থমকি নৰ’ল। আকৌ নতুনকৈ নিজৰ কেৰিয়াৰ গঢ়াৰ যুঁজত নামি পৰে নেহা। ২০০৮ চনত নেহাই নিজৰ এটা গানৰ এলবাম মুকলি কৰে। সেই সময়ত টনিৰ সৈতে এটা মিউজিক এলবামো কৰিছিল নেহাই। ২০০৯ চনত এ আৰ ৰহমানৰ ‘ব্লু’ ছবিৰ এটা গান গোৱাৰ সুযোগ লাভ কৰে নেহাই। সেই গানত সমবেত শিল্পীসকলৰ মাজৰ এটি কণ্ঠ নেহাৰ আছিল।

২০০৯ চনত সম্প্ৰচাৰিত ‘না আনা ইছ দেশ লাডো’ নামৰ হিন্দী ধাৰাবাহিকৰ টাইটেল ছঙত সুৰ নিগৰাই নেহাই। গানৰ লগে লগে অভিনয়ৰ ক্ষেত্ৰতো নেহা আগবাঢ়ে। ২০১০ চনত মুক্তিপ্ৰাপ্ত ‘ইছি লাইফ মে…’ ছবিত অভিনয় কৰে নেহাই। হিন্দী মিউজিক ইণ্ডাষ্ট্ৰিৰ ওপৰিও দক্ষিণৰ চিনেমাতো গীত গোৱাৰ সুযোগ লাভ কৰে নেহাই। কান্নাড়া আৰু তেলেগু ছবিত গীত গাই শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মানো লাভ কৰে নেহাই।

কপিল শৰ্মা আৰু আলি আছগৰৰ সৈতে এটা হাস্যমধুৰ চৰিত্ৰটো অভিনয় কৰিছিল নেহাই। ২০১২ চনত তেওঁৰ কেৰিয়াৰ বিশেষভাৱে আৰম্ভ হয়। ‘ককটেল’ ছবিত গান গাই নিশাৰ ভিতৰতেই পৰিচিত নাম হৈ পৰিল নেহা। তাৰপিছৰে পৰা আৰু নেহাই উভতি চাব লগা হোৱা নাই। এখনৰ পাছত আনখন হিন্দী ছবিত গীত গোৱাৰ সুযোগো লাভ কৰে নেহাই। ২০১৪ চনত অভিনেতা হিমাংশু কোহলিৰ সৈতে সম্পৰ্কত সোমাই পৰে নেহা। ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত এটা টেলিভিছন শ্ব’তেই তেওঁলোকৰ প্ৰেমৰ কথা নেহাই ৰাজহুৱা কৰিছিল।

নেহা আৰু হিমাংশুৱে বিয়াৰ কথা ঘোষণাও কৰিছিল। কিন্তু বিয়াৰ ঘোষণা কৰাৰ তিনি মাহ পূৰ্বে হঠাতেই এই সম্পৰ্ক শেষ হয়। সামাজিক মাধ্যমযোগে নিজেই বিচ্ছেদৰ কথা প্ৰকাশ কৰে গায়িকা নেহাই। তাৰপিছত ২০২০ চনৰ ২৪ অক্টোবৰত নতুন দিল্লীৰ গুৰুদ্বাৰত পাঞ্জাৱী শিল্পী ৰোহনপ্ৰীত সিঙৰ সৈতে বিবাহৰ বান্ধোনত বান্ধ খাই নেহা। চণ্ডীগড়ত পোনতে নেহা আৰু ৰোহনৰ দেখা দেখি হৈছিল। প্ৰথম দেখাতেই প্ৰেম। নেহাতকৈ বয়সত ৮ বছৰে সৰু ৰোহনো পেছাত এজন গায়ক। নেহা-ৰোহনৰ সম্পৰ্কক লৈ এতিয়া বহুতেই প্ৰশ্নও উত্থাপন কৰিছে। নেহা আৰু ৰোহনৰ বিবাহ বিচ্ছেদৰ দিশেৰে আগবঢ়া বুলিও একাংশই চৰ্চা চলাইছে।

উল্লেখ্য যে, বৰ্তমান ১০৪ কোটি টকা সম্পত্তিৰ মালিক নেহা। প্ৰতিমাহে প্ৰায় দুইকোটিকৈ টকা উপাৰ্জন কৰে নেহাই। দেশ-বিদেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান কৰোতে নেহাই প্ৰায় প্ৰতি অনুষ্ঠানতেই ৯০ লাখকৈ টকা লয়। ইয়াৰোপৰি ইউটিউবৰ পৰাও বহু ধন আয় কৰে নেহাই। হিন্দী ছবিতো গানে প্ৰতি প্ৰায় ১০ লাখ টকা লয় নেহাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ
জীৱনশৈলী

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

August 6, 2026
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ
ভাৰত

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

August 6, 2026
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি
জীৱনশৈলী

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

August 6, 2026
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ
জীৱনশৈলী

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

August 6, 2026
Next Post
মহানগৰীত কি হৈছে! জলবিস্ফোৰণৰ আতংক সাম নাকাটোতেই এইবাৰ নিৰ্মীয়মান উৰণীয়া সেঁতুত লোহাৰ ছাটাৰিং শ্লেট পৰি আহত দুজন

মহানগৰীত কি হৈছে! জলবিস্ফোৰণৰ আতংক সাম নাকাটোতেই এইবাৰ নিৰ্মীয়মান উৰণীয়া সেঁতুত লোহাৰ ছাটাৰিং শ্লেট পৰি আহত দুজন

কোনে কয় এয়া বানপ্ৰস্থ হোৱাৰ বয়স! ২৯ বছৰীয়া প্ৰেয়সী সন্তানসম্ভৱা, ৮৩ বছৰত পিতৃ হ’বলৈ ওলাইছে অভিনেতা আল পাচিনো

কোনে কয় এয়া বানপ্ৰস্থ হোৱাৰ বয়স! ২৯ বছৰীয়া প্ৰেয়সী সন্তানসম্ভৱা, ৮৩ বছৰত পিতৃ হ’বলৈ ওলাইছে অভিনেতা আল পাচিনো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.