দীপাৱলীলৈ মাজত মাথোঁ কেইটামান দিন বাকী। দীপাৱলী ওচৰ চাপি অহাৰ লগে লগে কৰ্পৰেট জগতত কৰ্মচাৰীসকলক দিয়া উপহাৰক লৈ চৰ্চা আৰম্ভ হৈছে। প্ৰতিবছৰে দীপাৱলীৰ সময়ত বহু কোম্পানীয়ে কৰ্মচাৰীসকলক মিঠাই, শুকান ফল বা ক্ৰকাৰীৰ চেট উপহাৰ হিচাপে দিয়ে। এই উপহাৰক লৈ ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ মিমো ভাইৰেল হয়। বহু কৰ্মচাৰীয়ে আশা কৰে যে এইবাৰ হয়তো সোণপাপড়িৰ সলনি ভাল মিঠাইৰ বাকচ এটা লাভ কৰিব।
কিন্তু নতুন দিল্লীৰ ৰোহিনীত অৱস্থিত বিত্তীয় সেৱা প্ৰদানকাৰী কোম্পানী Financersaab-এ এইবাৰ কৰ্মচাৰীসকলক দিয়া দীপাৱলীৰ উপহাৰে সকলোকে আচৰিত কৰি তুলিছে। কোম্পানীটোৱে মিঠাই বা সাধাৰণ উপহাৰৰ পৰিৱৰ্তে নিজৰ কৰ্মচাৰীসকলক উপহাৰ হিচাপে আগবঢ়াইছে iPhone16। এই ব্যতিক্ৰমী উপহাৰৰ বাবে কোম্পানীটো এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
দিল্লীৰ ৰোহিনীত অৱস্থিত এটা কোম্পানীয়ে নিজৰ কৰ্মচাৰীসকলক দীপাৱলীৰ উপহাৰ হিচাপে iPhone16 প্ৰদান কৰে। কোম্পানীটোৱে এই বিশেষ মুহূৰ্তৰ এটা ভিডিঅ’ নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে কৰ্মচাৰীসকল কাৰ্যালয়লৈ অহাৰ পূৰ্বেই তেওঁলোকৰ ডেস্কত ধুনীয়া ফিতাৰে সজাই থোৱা iPhone16ৰ বাকচ ৰখা হৈছিল। ক’লা, নীলা, সেউজীয়া আৰু বগা ৰঙৰ প্ৰিমিয়াম ফোনবোৰ দেখি কৰ্মচাৰীসকল আনন্দিত হৈ পৰে। নিজৰ ৱৰ্কষ্টেচনত এনে মূল্যৱান উপহাৰ দেখি তেওঁলোকৰ মুখত আনন্দৰ হাঁহি বিৰিঙি উঠে।
ইনষ্টাগ্ৰামত ভিডিঅ’টো প্ৰকাশ পোৱাৰ পিছতে ইণ্টাৰনেটত ভাইৰেল হৈ পৰে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে বিভিন্ন ধৰণৰ মন্তব্যৰে ভিডিঅ’টো ভৰাই তোলে। বহু কৰ্মচাৰীয়ে নিজৰ কোম্পানীৰ পৰা লাভ কৰা সাধাৰণ মিঠাইৰ বাকচৰ সৈতে এই উপহাৰৰ তুলনা কৰে। আনহাতে, বহু নেটিজেনে কোম্পানীটোৰ কৰ্মসংস্কৃতি আৰু কৰ্মচাৰীসকলৰ প্ৰতি মালিকপক্ষৰ উদাৰ মনোভাৱক প্ৰশংসা কৰে।
সাধাৰণতে দীপাৱলীৰ উপহাৰ হিচাপে মিঠাই বা শুকান ফল লাভ কৰাটো কৰ্মচাৰীসকলৰ বাবে স্বাভাৱিক কথা। কিন্তু iPhone16ৰ দৰে ব্যয়বহুল উপহাৰ লাভ কৰি দিল্লীৰ এই কোম্পানীটোৰ কৰ্মচাৰীসকলে যে এইবাৰৰ দীপাৱলী বিশেষভাৱে স্মৰণীয় কৰি তুলিছে, সেয়া স্পষ্ট।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















