মানৱেন্দ্ৰ কুমাৰ দাসঃ আজি ১৪ আগষ্টৰ পুৱা হঠাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ভাৰতীয় শ্বেয়াৰ বজাৰৰ যাদুকৰ হিচাপে পৰিচিত ৰাকেশ ঝুনঝুনৱালাই৷ কেৱল ভাৰততেই নহয়, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু ছিংগাপুৰৰ শ্বেয়াৰ বজাৰতো ৰাকেশ ঝুনঝুনৱালা বিগবুল হিচাপে পৰিচিত আছিল৷ কেৱল শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰি কম সময়ত অভাৱনীয় সফলতা লাভ কৰা বাবে ৰাকেশ ঝুনঝুনৱালা লাভ কৰিছিল এই ব্যতিক্ৰমী পৰিচয়৷ ভাৰতীয় শ্বেয়াৰ বজাৰত এইগৰাকী বিশেষজ্ঞৰ জন্ম হৈছিল মুম্বাই মহানগৰত ১৯৬০ চনৰ ৫ জুলাইত৷ মুম্বাই মহানগৰত কলেজীয়া শিক্ষা সমাপ্ত কৰি ৰাকেশ ঝুনঝুনৱালাই বিজনেছ ইক’নমী বিষয়ত উচ্চ শিক্ষা লাভ কৰিছিল ইংলেণ্ডৰ কেমব্ৰীজ বিশ্ববিদ্যালয়ত৷ ভাৰতলৈ উভতি আহি তেওঁ কিছুদিন চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল৷ কিন্তু সেই কামত সন্তুষ্টি লাভ কৰা নাছিল ৰাকেশ ঝুনঝুনৱালাই৷ আৰু সেই বাবে ১৯৮৫ চনত মাত্ৰ ৫ হাজাৰ টকাৰে ভাৰতৰ ইকুইটি মাৰ্কেটত আৰম্ভ কৰিছিল বিনিয়োগৰ ব্যৱসায়৷ সেয়াই আৰম্ভণি৷
তাৰ পাছত আৰু তেওঁ উভতি চাবলগীয়া নহ’ল৷ ভাৰতীয় শ্বেয়াৰ বজাৰত নিয়মীয়া ট্ৰেডিং অৰ্থাৎ শ্বেয়াৰৰ কিনা-বেচা কৰি অতি কম সময়তে লাভ কৰিছিল সফলতা৷ ১৯৮৯ চনত তেওঁ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা ধনৰ পৰিমাণ হয়গৈ ২৫ লাখ টকা৷ সেই সময়তে তেওঁৰ জৰিয়তে শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছিল ভাৰতৰ বহুকেইগৰাকী পুঁজিপতি ব্যৱসায়ী৷ ৰাকেশ ঝুনঝুনৱালাই স্থাপন কৰা ৰেয়াৰ এণ্টাৰপ্ৰাইজেছ নামৰ ব্ৰ’কিং হাউছৰ পৰাও তেওঁ অৰ্জন কৰিছিলে যথেষ্ট লাভ৷ পাছলৈ তেওঁ VIP ইণ্ডাজষ্ট্ৰীছ, এপটেক কম্পিউটাৰ, DLF হাউছিং, TITAN কোম্পানী, স্পাইচজেট আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীছত বহু হেজাৰ কোটি টকা বিনিয়োগ কৰিছিল৷ কেৱল টাইটান কোম্পানীতে ৰাকেশ ঝুনঝুনৱালাই ৭,২৯৪.৮০ কোটি টকা বিনিয়োগ কৰিছিল৷ একেদৰে itc, wippro আৰু ongcতো বহু হেজাৰ কোটি টকাৰ বিনিয়োগ কৰিছিল এইগৰাকী ব্যৱসায়ীৰ৷ এই সমূহ বিনিয়োগৰ উপৰিও মুম্বাইত থকা তেওঁৰ বাসভৱনটোৰ মূল্য ১৭৬ কোটি টকা৷ ইয়াৰোপৰি জয়পুৰ, নতুন দিল্লী আৰু বাংগালুৰুত আছে তেওঁৰ ৬টাকৈ বিলাসী বাসভৱন৷ এনে একোটা ভৱনৰ মূল্য ১৯৫ কোটি টকাতকৈও বেছি৷ মৃত্যুৰ কিছুদিন পূৰ্বে ৰাকেশ ঝুনঝুনৱালাই আৰম্ভ কৰিছিল বিমান পৰিবহণৰ ব্যৱসায়৷ আকাশ এয়াৰৱেজ নামৰ এই বিমান পৰিবহণ সংস্থাটোৰ বাবে ৭ হাজাৰ কোটি টকা বিনিয়োগ কৰিবলৈ পৰিকল্পনা হৈছিল ৰাকেশ ঝুনঝুনৱালাই৷
এইবোৰ উপৰিও বিলাসী বাসভৱনৰ প্ৰতিও আছিল তেওঁৰ ভীষণ দুৰ্বলতা৷ আৰু সেইবাবে কেৱল বাসভৱন ক্ৰয় কৰাৰ বাবে তেওঁ ব্যয় কৰিছিল ১৫০০ কোটি টকা৷ কিন্তু তেওঁৰ মৃত্যুৱে যেন ব্যৱসায়িক যাত্ৰাত হঠাৎ জটি পেলালে৷ তাৰ লগে লগে ভাৰতীয় শ্বেয়াৰ বজাৰতো এক বৰ্ণিল অধ্যায়ৰ সমাপ্তি ঘটিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ