অসম লাইভ২৪ঃ ৰাজ্যৰ বিশেষ একাধিক পত্নী থকাসকল সাৱধান হওঁক। বহুবিবাহ বন্ধ হ’ব ৰাজ্যত! আগন্তুক ছমাহৰ ভিতৰতেই ৰাজ্যত বন্ধ হ’ব বহুবিবাহ প্ৰথা! বহু বিবাহ বন্দ কৰিবলৈ নতুন বিল অনাৰ কথা দেওবাৰে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বহু বিবাহ প্ৰতিৰোধী আইন প্ৰণয়নৰ বাবে তৎপৰ হৈ পৰিছে হিমন্ত চৰকাৰ। ইতিমধ্যে ৰাজ্য চৰকাৰৰ হাতত পৰিছে প্ৰতিবেদন। ন্যায়াধীশ ৰুমী ফুকনৰ নেতৃত্বত গঠন কৰা হৈছিল কমিটী। ৩ জনীয়া কমিটীয়ে ৰাজ্য চৰকাৰৰ হাতত অৰ্পণ কৰিছে প্ৰতিবেদন। আইন প্ৰণয়নৰ ক্ষমতা পৰীক্ষণৰ বাবে গঠন কৰা হৈছিল কমিটী। বহুবিবাহ সন্দৰ্ভত গঠিত বিশেষজ্ঞ কমিটিয়ে দাখিল কৰিছে প্ৰতিবেদন। মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিলে কমিটিয়ে।
বহুবিবাহ বিৰোধী আইন প্ৰৱৰ্তনৰ যো-জা কৰা প্ৰথম ৰাজ্যই হৈছে অসম। প্ৰতিবেদন দাখিলৰ পাছতে বহুবিবাহ নিষিদ্ধ আইন প্ৰণয়নৰ পথ প্ৰশস্ত হ’ব। আইন প্ৰণয়ন হ’লেই বিপদত পৰিব বহুবিবাহ প্ৰচলিত সমাজ। কিন্তু এই বিল আইনলৈ ৰূপান্তৰ হ’বলৈ ৰাজ্যপালৰ পৰিৱৰ্তে ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ প্ৰয়োজন আইন প্ৰণয়নৰ বাবে। আইন প্ৰৱৰ্তন হ’লেই ৰাজ্যত বাল্যবিবাহৰ দৰেই বহুবিবাহ কৰা স্বামীৰ বিৰুদ্ধেও অভিযান চলিব পাৰে ৰাজ্যত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ