অসম লাইভ২৪ঃ মোদী উপাধিৰ সকলো ব্যক্তিয়েই চোৰ বুলি কৈ বিজোপি চৰকাৰৰ ৰোষত পৰিছিল ৰাহুল গান্ধী। মোদী উপাধিক অৱমাননা কৰাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়ে ৰাহুলক দিছে স্বাস্তি। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰ এছ গাভা আৰু পি কে মিশ্ৰৰ বেঞ্চে শুকুৰবাৰে দিছে বিশেষ ৰায়। ৰাহুলৰ মোদী পদবীক অৱমাননা কৰাৰ গোচৰত দুবছৰ কাৰাগাৰৰ শাস্তিৰ ওপৰত স্থগিতাদেশ প্ৰদান কৰিছে। অৰ্থাৎ চুৰাট আদালতৰ ৰায় এতিয়া কাৰ্যকৰী নহ’ব।
‘অপৰাধমূলক মানহানি গোচৰত দোষী সাব্যস্ত ৰাহুলক বিগত ২৩ মাৰ্চত দুবছৰৰ জে’লৰ শাস্তি দিছিল চুৰাট আদালতে। সেই বিষয়তেই স্থগিতাদেশৰ বাবে আবেদন কৰিছিল ৰাহুলে। কিন্তু সেই স্থগিতাগেশ বিগত ৭ জুলাইত খাৰিজ কৰিছিল গুজৰাট হাই কৰ্টৰ বিচাৰপতি হেমন্ত প্ৰচ্ছকৰ বেঞ্চে। গুজৰাট হাই কৰ্টে এই স্থগিতাদেশ খাৰিজ কৰাৰ পাছতেই ১৭ জুলাইত ৰাহুলৰ অধিবক্তাই কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ। ৰাহুলৰ অধিবক্তা অভিষেক মণু সিঙ্ঘিয়ে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দিয়া আবেদনত লিখিছিল, ‘যদি গুজৰাট হাই কৰ্টে ৭ জুলাইৰ ৰায় স্থগিত নকৰে তেন্তে বাকস্বাধীনতা, মতপ্ৰকাশ, স্বাধীন চিন্তাধাৰাতো দেশত অসুবিধা হ’ব।’
২০১৯ চনত লোকসভা ভোটৰ প্ৰচাৰৰ সময়ত কৰ্ণাটকত মোদী উপাধিক লৈ আপত্তিকৰ মন্তব্য কৰিছিল। বিগত ২৩ মাৰ্চত গুজৰাটৰ চুৰাটৰ মেজিষ্ট্ৰেট আদালতৰ বিচাৰপীঠ এইছ এছ বাৰ্মাই দুবছৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰিছিল ৰাহুলক। গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপিৰ বিধায়ক পূৰ্ণেশ মোদীয়ে গোচৰ তৰিছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















