১ জুলাই ২০২৪ সোমবাৰে চন্দ্ৰই বিৰাজ কৰিব মেষ ৰাশিত৷ মেষ ৰাশিৰ গ্ৰহাধিপতি হৈছে মঙ্গল৷ কাইলৈ আহাৰৰ কৃষ্ণা দশমী তিথি৷ হিন্দুধৰ্ম অনুসৰি সোমবাৰ হৈছে শিৱৰ প্ৰিয় দিন৷ এই দিনটোতেই দেৱাদিদেৱ মহাদেৱৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ৷ কাইলৈ মিথুন ৰাশিত একত্ৰ অৱস্থান কৰিব সূৰ্য আৰু শুক্ৰই৷ এই যুঁটিৰ ফলত গঠিত হ’ব শুক্ৰাদিত্য যোগ৷ ইয়াৰোপৰি কাইলৈ থাকিব সুকৰ্ম যোগ আৰু ধৃতি যোগ৷ ইয়াৰোপৰি কাইলৈ প্ৰথমে থাকিব অশ্বিনী আৰু ভৰণী নক্ষত্ৰৰ প্ৰভাৱ৷ এইসমূহ শুভ যোগৰ ফলত কাইলৈৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হৈ উঠিব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ সৌভাগ্য বৰ্ষণ হ’ব ৫ ৰাশিৰ জাতকৰ ওপৰত৷ এই পাঁচ ৰাশিৰ জাতকে কাইলৈ সকলো কামতে ভাগ্যৰ সহায় লাভ কৰিব৷ জানি থওক কোনো কোন ৰাশিৰ জাতক আছে এই তালিকাত৷
মেষ ৰাশি
মহাদেৱৰ আশীৰ্বাদত কোনো নিকট আত্মীয় বা বন্ধুৰ পৰা কোনো সুখবৰ লাভ কৰিব পাৰে মেষ ৰাশিৰ জাতকে৷ ইয়াৰ ফলত আপোনাৰ মন আনন্দৰে ভৰি পৰিব৷ কাইলৈ বিৰোধীয়ে আপোনাক নানা ধৰণে বিপদত পেলোৱাৰ চক্ৰান্ত কৰিব পাৰে৷ কিন্তু তেওঁলোকৰ সকলো চেষ্টা ব্যৰ্থ হ’ব৷ বৰং আপোনাৰ শত্ৰুৰেই নিজৰ মাজত যুদ্ধ হ’ব৷
কৰ্কট ৰাশি
কাইলৈ কোনো সামাজিক কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ ইয়াৰ ফলত সমাজত আপোনাৰ মৰ্যদা আৰু জনপ্ৰিয়তা বাঢ়িব৷ কাইলৈ শিৱৰ কৃপাত আত্মবিশ্বাসেৰে ভৰপুৰ হৈ থাকিব কৰ্কট ৰাশিৰ জাতকৰ মন৷ জীৱনসংগীৰ সৈতে থকা সকলো সমস্যা কাইলৈ দূৰ হ’ব৷ সংগীৰ সৈতে কোনো সুন্দৰ স্থানলৈ ফুৰিবলৈ যাব পাৰে৷ কাৰ্যালয়ৰ পৰাও কোনো সুখবৰ পাব পাৰে আপুনি৷
কন্যা ৰাশি
মহাদেৱৰ কৃপাত সম্পদ বৃদ্ধিৰ যোগ আছে কন্যা ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ স্বাস্থ্যক লৈ সচেতন থকাটো জৰুৰী৷ কন্যা ৰাশিৰ জাতকে কাইলৈ নিজৰ শৰীৰৰ যত্ন লওক৷ অন্যথা অসুস্থ হৈ পৰিব পাৰে৷ আপুনি নিজৰ সন্তানৰ ভৱিষ্যৎ সংক্ৰান্তীয় সকলো ডাঙৰ সিদ্ধান্ত কাইলৈ ল’ব পাৰে৷ প্ৰেম জীৱন বেছ মধুৰভাৱে কটাব কন্যা ৰাশিৰ জাতকে৷ অতিৰিক্ত অৰ্থ আয় কৰিব পাৰে৷
বৃশ্চিক ৰাশি
সোমবাৰে ধৃতি যোগৰ শুভ প্ৰভাৱত যি কামতেই হাতত নিদিয়ক কিয় তাতেই সফলতা পাব বৃশ্চিক ৰাশিৰ জাতকে৷ কাইলৈ আপুনি নিজৰ কেৰিয়াৰত সফলতা আৰু উন্নতিৰ শিখৰত উপনীত হ’ব৷ নিজৰ কামত কাইলৈ সম্পূৰ্ণ মনোনিৱেশ কৰিব পাৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ কাইলৈ বিশেষ পৰিমাণৰ অৰ্থও আয় কৰিব পাৰে৷ কোনো সুখবৰ কাইলৈ লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷
কুম্ভ ৰাশি
সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷ আপোনাৰ নীতি আৰু আদৰ্শবোধে কঠিন সমস্যাৰ মোকাবিলা কৰাত সহায় কৰিব৷ কৰোবাত বিনিয়োগ কৰিলে সুকৰ্ম যোগৰ প্ৰভাৱত ভাল লাভ পাব পাৰে কুম্ভ ৰাশিৰ জাতকে৷ সোমবাৰে সংগীৰ সৈতে ভাল সময় কটাব আপুনি৷ কোনো চাৰপ্ৰাইজো পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















