মহিলাসকললৈ সুখবৰ, মাহেকীয়াৰ সময়ত লাভ কৰিব ছুটি, সেই ছুটিত দৰমহাও কটা নাযায়
মহিলাসকললৈ সুখবৰ লৈ আহিছে ওড়িশৰা চৰকাৰে। কেৰালা আৰু বিহাৰৰ পাছত এতিয়া দেশৰ তৃতীয়খন চহৰ হিচাপে ওড়িশাৰ চৰকাৰেও মহিলা সকলৰ বাবে জাৰি কৰিছে বিশেষ সুবিধা। চৰকাৰী আৰু ব্যক্তিগত খণ্ডত কৰ্মৰত মহিলা কৰ্মচাৰীয়ে দৰমহাৰ সৈতে ঋতুস্ৰাৱৰ ছুটী লাভ কৰিব। মাহেকীয়াৰ যি কোনো এদিন লাভ কৰিব ছুটি।
বৃহস্পতিবাৰে কটকত স্বাধীনতা দিৱস উদযাপনৰ পিছতে এই ঘোষণা ৰাজ্যৰ উপ মুখ্যমন্ত্ৰী প্ৰৱতী পৰিদাৰ। উপ মুখ্যমন্ত্ৰী প্ৰৱতী পৰিদা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰীও। তেওঁ কয় যে “এই ছুটী ঐচ্ছিক হ’ব আৰু মহিলাগৰাকীৰ পছন্দ অনুসৰি ঋতুচক্ৰৰ প্ৰথম বা দ্বিতীয় দিনা গ্ৰহণ কৰিব পাৰিব।”
ওড়িশা চৰকাৰৰ এই পদক্ষেপ মুখ্যমন্ত্ৰী মোহন মাঝিৰ চৰকাৰৰ ১০০ দিনীয়া কাৰ্য্য পৰিকল্পনাৰ অংশ। ১২ জুনত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিছিল মাঝিয়ে। কেৰালাত ২০২৩ চনৰ জানুৱাৰী মাহত ৰাজ্যখনৰ বিশ্ববিদ্যালয়সমূহত মহিলা ছাত্ৰ-ছাত্ৰীৰ বাবে ঋতুস্ৰাৱৰ ছুটী প্ৰৱৰ্তন কৰা হৈছিল। যোৱা লোকসভাত কেৰেলা কংগ্ৰেছৰ সাংসদ হিবি ইডেনে ব্যক্তিগত সদস্যৰ বিধেয়কৰ জৰিয়তে সমগ্ৰ দেশতে ঋতুস্ৰাৱৰ ছুটী কাৰ্যকৰী কৰাৰ চেষ্টা কৰিছিল। য’ত শ্ৰমিক মহিলাসকলৰ বাবে তিনিদিনৰ ছুটীৰ দাবী কৰা হৈছিল।
ভাৰতত ঋতুস্ৰাৱৰ সন্দৰ্ভত নীতি সন্দৰ্ভত ব্যাপক বিতৰ্কৰ মাজতে ওড়িশা চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক মহিলা কৰ্মচাৰীৰ ঋতুস্ৰাৱৰ ছুটীৰ আদৰ্শ নীতি প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে। উচ্চতম ন্যায়ালয়ে কয় যে এই বিষয়টো ন্যায়িক হস্তক্ষেপৰ পৰিৱৰ্তে নীতি নিৰ্ধাৰণৰ পৰিসৰৰ ভিতৰত পৰে।
বৰ্তমান বিহাৰ আৰু কেৰালা একমাত্ৰ ভাৰতীয় ৰাজ্য যিয়ে ঋতুস্ৰাৱৰ বন্ধৰ সন্দৰ্ভত নীতি ৰূপায়ণ কৰিছে। বিহাৰত ১৯৯২ চনৰ পৰা প্ৰতিমাহে দৰমহাসহ দুদিনৰ ঋতুস্ৰাৱৰ ছুটী দিয়া হৈ আহিছে। ২০২৩ চনত কেৰালাই সকলো বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানৰ মহিলা ছাত্ৰীক ঋতুস্ৰাৱৰ ছুটী দিছিল। ভাৰতৰ কিছুমান ব্যক্তিগত কোম্পানী – যেনে Zomato য়েও ঋতুস্ৰাৱৰ সময়ত ছুটী দিছে, য’ত Zomato এ ২০২০ চনৰ পৰা বছৰি ১০ দিনৰ ঋতুস্ৰাৱৰ ছুটী দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ