অসম লাইভ ২৪ঃ সন্মুখত ধনতেৰছ। ধনতেৰছত সোণ ক্ৰয় কৰাটো শুভ বুলি বহুতৰেই লোকবিশ্বাস। কিন্তু সোণো এতিয়া ভেজাল হয় বুলি সময়ে সময়ে অভিযোগ উত্থাপিত হয়। ক্ৰয় কৰা সোণখিনি বিশুদ্ধ নে ভেঁজাল সেয়া কেনেকৈ নিৰ্ণয় কৰিব?
সাধাৰণতে সোণ ক্ৰয় কৰোতে ২৪ কেৰেটৰ সোণেই ক্ৰয় কৰিব লাগে। কিয়নো ২৪ কেৰেট মানে ৯৯.৯ শতাংশ বিশুদ্ধ সোণ। গহনাৰ দোকানসমূহত প্ৰায়েই ২২ কেৰেট সোণেই ব্যৱহাৰ কৰে। ২২ কেৰেটেৰে তৈয়াৰ কৰা অলংকাৰত ৯১.৬ শতাংশ বিশুদ্ধ সোণ থাকে। ২১ কেৰেটত ৮৭ শতাংশ বিশুদ্ধতা থকাৰ বিপৰীতে ১৮ কেৰেটত সোণৰ বিশুদ্ধতা ৭৫ শতাংশ থাকে। আমাৰ দেশত প্ৰায়েই ২২ বা ২১ কেৰেট সোণেৰেই অলংকাৰ গঢ়া হয়।
সোণৰ বিশুদ্ধতা প্ৰমাণ কৰিবলৈ স্পেক্ট্ৰমিটাৰ নামৰ এবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। এই যন্ত্ৰৰে অলংকাৰবিধ নিৰ্মাণ কৰোতে কিমান পৰিমানৰ বিশুদ্ধ সোণ ব্যৱহাৰ কৰা হৈছে সেই বিষয়ে জানিব পাৰি। প্ৰায়সংখ্যক গহনাৰ দোকানতেই এই যন্ত্ৰ থাকে। সোণ ক্ৰয় কৰাৰ আগতে এই যন্ত্ৰৰ সহায়ত সোণৰ বিশুদ্ধতা পৰীক্ষা কৰাটো জৰুৰী। সোণৰ বিশুদ্ধতাৰ প্ৰমান গহনাত থকা হলমাৰ্কৰ পৰাও জানিব পাৰি। এই হলমাৰ্ক কৰে ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডে।
বেছি পৰিমানে সোণ ক্ৰয় কৰাৰ সময়ত মেকিং চাৰ্জৰ ওপৰত কেতিয়াবা ৰেহাই দিয়ে। এই ৰেহাই সম্পৰ্কে ভালধৰণে জ্ঞাত হৈ লোৱাৰ আৱশ্যকতা থাকে। গহনাৰ দোকান অনুযায়ী দাম বেলেগ হয়। তাৰ কাৰণ হৈছে গঢ়া মজুৰি আৰু সোণৰ বিশুদ্ধতাৰ পৰিমান। সেয়ে সোণ ক্ৰয় কৰাৰ আগতে কেইবাখনো দোকানৰ পৰা দামৰ কথা জানি লোৱাটো প্ৰয়োজন।
বহুতেই সোণ ক্ৰয় কৰোতে পাথৰ থকা অলংকাৰ ক্ৰয় কৰে। তেনেক্ষেত্ৰত সোণৰ পৰিমান কম থাকে। বিনিয়োগৰ বাবে সোণ ক্ৰয় কৰিলে পাথৰ নথকা গহণা ক্ৰয় কৰাটোৱেই ভাল বুলি বিশেষজ্ঞসকলে ক’ব খোজে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ