অসম লাইভ ২৪ঃ ২০২২ বৰ্ষত অৰ্থাৎ এই ২১ শতিকাতো নৰমুণ্ডৰে এই বিশেষ স্থানত কৰা হয় কালীপূজা৷ এটা-দুটা নহয় ১০৮ টা নৰমুণ্ড দেৱীলৈ আগবঢ়োৱা হয় এই মন্দিৰত৷ মৃত ব্যক্তিৰ নৰমুণ্ড আগবঢ়োৱা হয় এনে নহয়৷ কালীপূজাৰ দিনটোতেই ১০৮ টা অপমৃত্যুক সাবটি লোৱা লোকৰ মুণ্ড আগবঢ়োৱা হয় এই মন্দিৰটোত৷ কেইবাশ বছৰ পূৰ্বে গংগাৰ তীৰত এই মন্দিৰটো নিৰ্মাণ কৰা হৈছিল৷ পৰগনা জিলাৰ দক্ষিণ বিষ্ণুপুৰত আছে এই বিশেষ মন্দিৰ৷ প্ৰাচীন শ্মশানৰ কাষত থকা এই মন্দিৰত এসময়ত বহু সন্যাসী আৰু তান্ত্ৰিকে বসবাস কৰিছিল৷
লোকবিশ্বাস অনুসৰি এই মন্দিৰৰ প্ৰাংগনত নিশা হ’লেই অপমৃত্যু হোৱা বহু ব্যক্তিৰ আত্মাই বিচৰণ কৰে৷ এই মন্দিৰত ১০৯ বছৰ পূৰ্বৰে পৰাই চলি আহিছে দেৱী পূজাও৷ য’ত ১০৮ টা নৰমুণ্ডৰে কালীক আৰাধনা কৰা হয়৷ কৰুণাময়ী কালীৰ ৰূপক এই মন্দিৰত আৰাধনা কৰা হয়৷ বৰ্তমানো এই ম্নদিৰত নৰমুণ্ড দিয়াৰ পৰম্পৰা অব্যাহত আছে৷ এই সকলো মুণ্ডই অপমৃত্যুক সাবটি লোৱা ব্যক্তিৰেই হ’ব লাগিব বুলিও উল্লেখ কৰিছে মন্দিৰ কৰ্তৃপক্ষই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ