অসম লাইভ২৪ঃ ই-মেইল, ফে’চবুক, ইনষ্টাগ্ৰাম অনলাইন বেঙ্কিং, অটিটি প্লেটফৰ্ম প্ৰতিটো ক্ষেত্ৰতেই পাছৱাৰ্ড লাগে। পাছৱাৰ্ড অবিহনে আমি কোনো এটা কামেই অনলাইনত কৰিব নোৱাৰো। কিন্তু দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা এইসমূহ এপৰ প্ৰত্যেকৰে পাছৱৰ্ড মনত ৰখাটো বহু কঠিন কাম। কেতিয়াবা আমি প্ৰায়সংখ্যকেই কাগজত পাছৱৰ্ড লিখি ৰাখো। এনেকৈ লিখি ৰখাটোও নিৰাপদ নহয়। এই সমস্যা কেনেকৈ সমাধান কৰিব শেহতীয়াভাৱে তাৰ বাবে লৈছে গুগলে বিশেষ পদক্ষেপ।
গুগল ক্ৰম অৰ্থাৎ এণ্ড্ৰইড ফোন ব্যৱহাৰকাৰীয়ে এতিয়াৰে পৰা পাছৱাৰ্ড নোহোৱাকৈয়ে বিভিন্ন প্লেটফৰ্ম ব্যৱহাৰ কৰিব পাৰিব। গুগলে মুকলি কৰিছে অন্য এক নতুন ফিচাৰ। পাছকি নামৰ ফিচাৰটো ব্যৱহাৰ কৰিলে পাছৱৰ্ডৰ প্ৰয়োজনীয়তা আৰু নাথাকিব। পাছৱৰ্ড নোহোৱাকৈয়ে নিৰাপদো হ’ব এই ফিচাৰ। কিন্তু কি এই পাছকি?
পাছকি হৈছে পাছৱৰ্ড নোহোৱাকৈ ছাইন-ইন কৰিব পৰা এটা উপায়। পাছকিৰ জৰিয়তে বায়মেট্ৰিকৰ সহায়ত কোনো ৱেবচাইট বা এপ ব্যৱহাৰ কৰিব পাৰিব। অৰ্থাৎ ফিংগাৰ প্ৰিণ্ট, ফেচ দেখা মাত্ৰকেই গুগলে একাউণ্টটো খোলাত সহায় কৰে। বৰ্তমানলৈ এপটো ট্ৰায়েল হিচাপে মুকলি কৰা হৈছে। কিন্তু চলিত বৰ্ষৰেই শেষৰফালে সকলোৰে বাবে এই ফিচাৰটো মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছে গুগলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ