৫জি ত কৈ ১০০ গুণ অধিক শক্তিশালি হ’ব ৬জি, ভাৰতত কেতিয়াকৈ মুকলি হ’ব এই নেটৱৰ্ক
দেশত ইতিমধ্যে আৰম্ভ হৈছে ৫ জিৰ নেটৱৰ্ক। অৱশ্যে এতিয়াও ই সকলোফালে সুবিধাজনক নহয়। বহু মানুহে এতিয়াও ৪ জিৰ সৈতেই নিজৰ মোবাইল ডিভাইছ চলাই আছে। পাছে তাৰে মাজতে আহিছে ৬ জি নেটৱৰ্কৰ সুবিধাৰ কথা।
৬জিৰ গতিবেগ ৫জিতকৈ ১০০গুণ বেছি হ’ব। ইয়াৰ বাবে চহৰ বা গাঁৱত ৫জিৰ দৰে ডাঙৰ টাৱাৰ স্থাপন কৰা নহ’ব। ইয়াৰ বাবে ৰোড লাইট আৰু বিদ্যুতৰ খুঁটাত বিদ্যুৎ মিটাৰৰ দৰে যন্ত্ৰ স্থাপন কৰা হ’ব। এইবোৰ হ’ব চেন্সৰ। এই চেন্সৰৰ ওজন হ’ব ৮ কিলোগ্ৰাম পৰ্যন্ত।
২০৩০ চনৰ ভিতৰত ভাৰতে ৬জি মুকলি কৰি বিশ্বৰ আগশাৰীৰ দেশসমূহৰ ভিতৰত স্থান লাভ কৰিব। এতিয়ালৈকে ভাৰতে ৪জি আৰু ৫জিত বিশ্বক অনুসৰণ কৰি আহিছে যদিও এতিয়া ৬জি প্ৰযুক্তিৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বই ভাৰতৰ ফালে চাব। দেশৰ আই টি বিশেষজ্ঞসকল এই গৱেষণাত বৰ্তমানে নিয়োজিত হৈ আছে।
সঞ্চালক প্ৰধান ৰাজেশ কুমাৰ পাঠকে কয় যে ৬জিতো চেটেলাইট নেটৱৰ্ক ব্যৱহাৰ কৰিব পৰা যাব। ইয়াৰ উপৰিও কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত নেটৱৰ্ক ব্যৱস্থাটো এনেকুৱা হ’ব যে ডিভাইচসমূহে নিজেই ইটোৱে সিটোৱে সংযোগ কৰি আৰু ইটোৱে সিটোৰ প্ৰয়োজন অনুসৰি কাম কৰিব। লগতে ৬জি ত ব্যৱহৃত ডিভাইচসমূহৰ বেটাৰী দীৰ্ঘদিনলৈ টিকি থাকিব পাৰিব, কাৰণ এইবোৰ চেন্সৰ ভিত্তিক হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ