• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃহস্পতি আৰু মহাকুম্ভৰ মহত্ব আৰু ইয়াৰ সৈতে জড়িত থকা বিজ্ঞানৰ দৃষ্টিকোন কি ?

বৃহস্পতি আৰু মহাকুম্ভৰ মহত্ব আৰু ইয়াৰ সৈতে জড়িত থকা বিজ্ঞানৰ দৃষ্টিকোন কি ?

2 years ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

1 hour ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

2 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

3 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

3 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

4 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

12 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

13 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

13 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

13 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

14 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

15 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃহস্পতি আৰু মহাকুম্ভৰ মহত্ব আৰু ইয়াৰ সৈতে জড়িত থকা বিজ্ঞানৰ দৃষ্টিকোন কি ?

editor by editor
December 17, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা, শিক্ষা
0
বৃহস্পতি আৰু মহাকুম্ভৰ মহত্ব আৰু ইয়াৰ সৈতে জড়িত থকা বিজ্ঞানৰ দৃষ্টিকোন কি ?
0
SHARES
233
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতি আৰু মহাকুম্ভৰ মহত্ব

পৃথিৱীৰ সুৰক্ষাত বৃহস্পতিৰ ভূমিকাঃ

বৃহস্পতিৰ মধ্যাকৰ্ষণ বলে উল্কাপিণ্ডকে ধৰি মহাকাশৰ অন্যান্য সামগ্ৰীসমূহক পৃথিৱীৰ পৰা আঁতৰাই ৰাখে। এয়া নহ’লে আমাৰ পৃথিৱীখন বসবাসৰ বাবে উপযোগী হৈ নাথাকিলহেঁতেন৷। বৃহস্পতিৰ বিশাল আকাৰ আৰু অত্যাধিক মধ্যাকৰ্ষণ বলে পৃথিৱীৰ বাবে এক সুৰক্ষাকবচৰ দৰে কাম কৰে। মহাকাশত থকা উল্কাপিণ্ড আৰু ধূমকেতুসমূহক নিজৰ ফালে আকৰ্ষিত কৰি পৃথিৱীৰ সৈতে খুন্দা খোৱাত বাধা দিয়ে। বৃহস্পতি অবিহনে পৃথিৱীত বহুতো উল্কাপিণ্ড পৰিলহেঁতেন আৰু পৃথিৱীখন বসবাসৰ বাবে অনুপযোগী হৈ পৰিলহেঁতেন। বৃহস্পতিয়ে পৃথিৱীৰ প্ৰাকৃতিক সুৰক্ষা প্ৰণালীৰ দৰে কাম কৰাটো আধুনিক বিজ্ঞানে প্ৰমাণ কৰিছে।

মহাকুম্ভ আৰু বৃহস্পতিৰ সম্বন্ধঃ

বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ আধ্যাত্মিক অনুষ্ঠান হৈছে মহাকুম্ভ মেলা। প্ৰতি ১২ বছৰৰ অন্তত প্ৰয়াগৰাজ, হৰিদ্বাৰ, উজ্জেইন আৰু নাছিকত উদযাপন কৰা হয় মহাকুম্ভ মেলা। সূৰ্যৰ চাৰিওপিনে এপাক ঘূৰিবলৈ বৃহস্পতিয়ে পৃথিৱীৰ হিচাপত সময় লয় ১২ বছৰ। প্ৰাচীন ভাৰতীয় ঋষি-মুণিয়ে বৃহস্পতিৰ প্ৰভাৱ আৰু ইয়াৰ আধ্যাত্মিক মহত্বৰ আধাৰত এই সময়খিনিৰ অন্তৰালত মহাকুম্ভৰ দৰে ধাৰ্মিক অনুষ্ঠানৰ আয়োজন কৰিছিল। বৃহস্পতিক গুৰু বুলি কোৱা হয়। যাৰ অৰ্থ হৈছে মাৰ্গ দৰ্শক আৰু জ্ঞানৰ সোঁত৷

বৃহস্পতিৰ ১২ বৰ্ষীয় চক্ৰ আৰু মহাকাশঃ

সূৰ্যৰ চাৰিওদিশ এবাৰ প্ৰদক্ষিণ কৰিবলৈ পৃথিৱীৰ হিচাপত বৃহস্পতিয়ে লয় ১২ বছৰৰ সময়। এই ১২  বৰ্ষৰ চক্ৰ হিন্দু কেলেণ্ডাৰ আৰু জ্যোতিষ পৰম্পৰাত এক মহত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হয়। মহাকুম্ভৰ আয়োজন জ্যোতিষ স্থিতি অনুসৰি বৃহস্পতি, সূৰ্য আৰু চন্দ্ৰৰ আধাৰত কৰা হয়। যিয়ে এই সময়খিনিক অত্যন্ত শুভ হিচাপে মাণ্যতা প্ৰদান কৰে।

আধ্যাত্মিকতা আৰু বিজ্ঞানঃ

মহাকুম্ভ মেলা ব্ৰহ্মাণ্ডৰ শক্তিৰ লগতে গ্ৰহসমূহৰ ক্ষমতাৰ সৈতে থকা আমাৰ আধ্যাত্মিক সম্পৰ্কৰ প্ৰতীক। প্ৰাচীন কালৰে পৰাই মহাকুম্ভৰ জৰিয়তে বৃহস্পতিৰ প্ৰতি আভাৰ জনাই অহা হৈছে যে আমাৰ জীৱনৰ সুৰক্ষা সুনিশ্চিত কৰি আহিছে। আজিৰ সময়ত আধুনিক বিজ্ঞানে এই পৰম্পৰাৰ অন্তৰ্গত থকা জ্যোতিষ কাৰণসমূহ প্ৰমাণিত কৰিছে। ইয়ে স্পষ্ট কৰে যে প্ৰাচীন ভাৰতীয় জ্ঞান কিমান গভীৰ আৰু বিজ্ঞানভিত্তিক আছিল।

মহাকুম্ভৰ আনুষ্ঠানিকতা আৰু ব্ৰহ্মাণ্ডৰ দৃষ্টিকোণঃ

মহাকুম্ভৰ সময়ত লাখ লাখ লোকে তিনি পৱিত্ৰ নদী- গংগা, যমুনা আৰু সৰস্বতীৰ সংগমত স্নান কৰে। আধ্যাত্মিক শুদ্ধিৰ লগতে ব্ৰহ্মাণ্ডৰ শক্তিৰ সৈতে থকা আত্মিক সম্বন্ধৰ প্ৰতীক এই স্নান৷ প্ৰাকৃতিক তত্ত্ব আৰু আমাৰ জীৱনক প্ৰাণ দিয়া গ্ৰহসমূহৰ প্ৰতি কৃতজ্ঞতা প্ৰদানৰ উদ্দেশ্য আয়োজন কৰা হয় মহাকুম্ভ মেলা।

গুৰু বৃহস্পতিঃ

বৈদিক পৰম্পৰা অনুসৰি বৃহস্পতি হৈছে দেৱগুৰু। অৰ্থাৎ, দেৱতাসকলৰ শিক্ষক। বৃহস্পতি হৈছে জ্ঞান, মাৰ্গদৰ্শন আৰু সুৰক্ষাৰ প্ৰতীক। বৃহস্পতিৰ বিশাল আকাৰ আৰু স্থিৰতাই ইয়াক সৌৰজগতৰ ৰক্ষক গ্ৰহ হিচাপে স্বীকৃতি দিয়াৰ লগতে আমাৰ জীৱনক বৈজ্ঞানিক আৰু আধ্যাত্মিক দৃষ্টিকোণৰ পৰাও সুৰক্ষিত কৰি ৰাখে।

সাৰাংশঃ

মহাকুম্ভ মেলা আৰু বৃহস্পতি গ্ৰহৰ ১২ বৰ্ষীয় চক্ৰৰ সম্বন্ধ প্ৰাচীন ভাৰতীয় জ্ঞানৰ এক অদ্ভুত উদাহৰণ। বৃহস্পতিয়ে কেৱল পৃথিৱীক ৰক্ষা কৰাই নহয় এগৰাকী মাৰ্গদৰ্শক আৰু ৰক্ষকৰ ৰূপত বৃহস্পতিক পূজা কৰা হয়। এই পৰম্পৰাই বিজ্ঞান আৰু আধ্যাত্মিকতাৰ অদ্ভুত সংগমক প্ৰতিনিধিত্ব কৰাৰ লগতে অতিকৈ সমবৃদ্ধিশালী প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ গভীৰ জ্যোতিৰ্বিজ্ঞানৰ জ্ঞানকো প্ৰমাণিত কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Kashikumbh melaMahakumbhMahakumbha MelaPrayagraj
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’
অসম

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

October 15, 2026
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

October 15, 2026
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?
বিজ্ঞান

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

October 15, 2026
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ
বিশ্ব

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

October 15, 2026
Next Post
কেতিয়া হ’ব নতুন বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ! ভাৰতৰ পৰা দেখা পোৱা যাবনে ?

কেতিয়া হ'ব নতুন বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ! ভাৰতৰ পৰা দেখা পোৱা যাবনে ?

‘এক দেশ এক নিৰ্বাচন’ বিধেয়ক আইন হ’লে কি সুবিধা আৰু কি সমস্যা ! 

'এক দেশ এক নিৰ্বাচন' বিধেয়ক আইন হ'লে কি সুবিধা আৰু কি সমস্যা ! 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.