• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘এক দেশ এক নিৰ্বাচন’ বিধেয়ক আইন হ’লে কি সুবিধা আৰু কি সমস্যা ! 

‘এক দেশ এক নিৰ্বাচন’ বিধেয়ক আইন হ’লে কি সুবিধা আৰু কি সমস্যা ! 

2 years ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

2 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

5 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

5 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

5 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

6 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

6 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

7 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

8 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

8 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

8 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

8 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘এক দেশ এক নিৰ্বাচন’ বিধেয়ক আইন হ’লে কি সুবিধা আৰু কি সমস্যা ! 

editor by editor
December 17, 2024
in ভাৰত, ৰাজনীতি
0
‘এক দেশ এক নিৰ্বাচন’ বিধেয়ক আইন হ’লে কি সুবিধা আৰু কি সমস্যা ! 
0
SHARES
372
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘এক দেশ এক নিৰ্বাচন’ বিধেয়ক আইন হ’লে কি সুবিধা আৰু কি সমস্যা !

আজি লোকসভাত ‘এক দেশ এক নিৰ্বাচন’ বিধেয়ক উত্থাপন কৰা হয়। এই বিধেয়কৰ সপক্ষে ২৬৯টা ভোট আৰু বিপক্ষত ১৯৮টা ভোটত লোকসভাত জয় কেন্দ্ৰৰ। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালে আজি মঙলবাৰে লোকসভাত উত্থাপন কৰিছিল এই বিধেয়কখন।

বিধেয়কখন এতিয়া সংসদৰ এখন যুটীয়া সমিতিলৈ যাব। তাত কেন্দ্ৰই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভাৰ অধ্যক্ষৰ সৈতে আলোচনা কৰি, বুদ্ধিজীৱীৰ পৰামৰ্শ আৰু ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ মতামত লৈ সৰ্বসন্মতিক্ৰমে সিদ্ধান্তত উপনীত হোৱাৰ পৰিকল্পনা কৰিছে।
ইয়াৰ পিছত যদি বিধেয়কখন গৃহীত হয় তেন্তে ৰাজ্যসভাত প্ৰৱেশ কৰিব। তাত পাছ হ’লে শেষত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিব। অৱশেষত এই বিধেয়ক আইন হৈ পৰিব। পাছে কি সুবিধা আৰু সমস্যা হ’ব এই বিধেয়ক আইন হ’লে?

সুবিধা-

প্ৰথমতে, এই আইন কাৰ্যকৰী হ’লে নিৰ্বাচনৰ খৰচ কম হ’ব। প্ৰতিটো নিৰ্বাচনত বিপুল পৰিমাণৰ ধন খৰচ কৰাৰ বোজা লাঘৱ হ’ব। খবৰ অনুসৰি ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৬০ হাজাৰ কোটি টকা খৰচ হৈছিল। প্ৰতিখন ৰাজ্যই বিধানসভা নিৰ্বাচনত বিপুল পৰিমাণৰ ধন ব্যয় কৰে। যদি এখন দেশ এক নিৰ্বাচনী ব্যৱস্থা হয়, তেন্তে এই খৰচ বহু কমি যাব বুলি কেন্দ্ৰ আশাবাদী।

দ্বিতীয়তে, যদি এক দেশ এখন নিৰ্বাচন হয়, তেন্তে প্ৰশাসনিক দক্ষতা আৰু কাৰ্যক্ষমতাও বহু পৰিমাণে বৃদ্ধি পাব। লোকসভা বা বিধানসভাৰ প্ৰতিটো নিৰ্বাচনৰ সময়ত বহু চৰকাৰী কৰ্মীক নিয়োগ কৰা হয়। ইয়াৰ প্ৰভাৱ প্ৰশাসনিক কামত পৰে। একে সময়তে নিৰ্বাচন অনুষ্ঠিত হ’লে প্ৰশাসনিক কামত প্ৰভাৱ কম হ’ব। জনশক্তি আৰু সময় ৰাহি হ’ব।

তৃতীয়তে, এই নীতিয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নীতি আৰু কাৰ্যসূচী ৰূপায়ণতো সহায় কৰিব। প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে মানক নিৰ্বাচন আচৰণ বিধি বলবৎ কৰা হয়। ফলত কোনো নতুন চৰকাৰী প্ৰকল্প ঘোষণা কৰিব পৰা নাযায়। যদি একে সময়তে সমগ্ৰ দেশতে নিৰ্বাচন অনুষ্ঠিত হয়, তেন্তে বিভিন্ন সময়ত নতুন আঁচনি আৰম্ভ কৰাত কোনো সমস্যা নহ’ব।

চতুৰ্থতে, যিসকলে বিধেয়কখনৰ সমৰ্থনত আছে, তেওঁলোকে দাবী কৰে যে সমগ্ৰ দেশতে একেলগে নিৰ্বাচন অনুষ্ঠিত হ’লে ভোটাৰৰ মাজত ইয়াৰ ভাল প্ৰভাৱ পৰিব। সকলোৱে একেলগে ভোট দিব। ইয়াৰ জৰিয়তে ভোটদানৰ হাৰ বৃদ্ধি পাব।

সমস্যা-

প্ৰথম বাধা হৈছে সাংবিধানিক সংশোধনী। একে সময়তে ৰাজ্য বিধানসভা আৰু লোকসভাৰ কাৰ্যকাল বান্ধি ৰাখিবলৈ আৰু নিৰ্বাচনী প্ৰক্ৰিয়া সলনি কৰিবলৈ সংবিধানো সলনি কৰিব লাগিব। তদুপৰি জনপ্ৰতিনিধিত্ব আইন আৰু সংসদৰ পদ্ধতিতো সালসলনি হ’ব লাগিব।

দ্বিতীয়তে, এখন দেশৰ এটা নিৰ্বাচনত আঞ্চলিক দলসমূহৰ আটাইতকৈ ডাঙৰ চিন্তা হৈছে যে তেওঁলোকে আঞ্চলিক সমস্যা তথা বিষয়সমূহক দাঙি ধৰিব নোৱাৰিব। প্ৰচাৰ অভিযানত কেন্দ্ৰীয় বিষয়সমূহ গুৰুত্বপূৰ্ণ হ’ব। নিৰ্বাচনী পৰিকল্পনাতো সমস্যাৰ সৃষ্টি হ’ব। আঞ্চলিক দলসমূহৰ মূলধনো কম। গতিকে তেনে ক্ষেত্ৰত আঞ্চলিক দলসমূহে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলসমূহৰ সৈতে প্ৰচাৰ বা খৰচৰ প্ৰতিদ্বন্দ্বিতা কৰাটো সম্ভৱ নহ’ব।

তৃতীয়তে, ৰাজ্য আৰু কেন্দ্ৰীয় নিৰ্বাচন একে সময়তে অনুষ্ঠিত হ’লে ভোটাৰ প্ৰভাৱিত হ’ব পাৰে। এই সন্দৰ্ভত ২০১৫ চনত এক সমীক্ষা কৰা হৈছিল। সেই সমীক্ষা প্ৰতিবেদন অনুসৰি যদি একে সময়তে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে দুয়োটা নিৰ্বাচনতে একেটা দলকে ভোটাৰে সমৰ্থন কৰাৰ সম্ভাৱনা ৭৭ শতাংশ। তাৰ পৰিৱৰ্তে যদি ছমাহৰ ব্যৱধানত দুটা নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে ৬১ শতাংশ ভোটাৰে বেলেগ বেলেগ দল বাছি ল’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: One Nation One electionOne nation One election Bill
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

UPI লেনদেনত নতুন নিয়ম
প্ৰযুক্তি

UPI লেনদেনত নতুন নিয়ম

September 15, 2026
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান
বিনোদন

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

September 15, 2026
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ
বিনোদন

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

September 15, 2026
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা
অপৰাধ

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

September 15, 2026
Next Post
দৈনিক ৰাশিফল- আজি ইন্দ্ৰ যোগৰ পুষ্য নক্ষত্ৰ, কোন কোন ৰাশিৰ ভাগ্যত কি কি আছে, ৫ ৰাশিৰ জয়জয় ময়ময়

দৈনিক ৰাশিফল- আজি ইন্দ্ৰ যোগৰ পুষ্য নক্ষত্ৰ, কোন কোন ৰাশিৰ ভাগ্যত কি কি আছে, ৫ ৰাশিৰ জয়জয় ময়ময়

অতিকে শোকাৱহ, নাও ডুবি প্ৰাণ হেৰুৱালে ২৫ গৰাকীকৈ লোকে, সন্ধানহীন বহুতো

অতিকে শোকাৱহ, নাও ডুবি প্ৰাণ হেৰুৱালে ২৫ গৰাকীকৈ লোকে, সন্ধানহীন বহুতো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.