অসম লাইভ ২৪ঃ নৱবৰ্ষৰ পুৱাই এটি দুখৰ খবৰ৷ জম্মু-কাশ্মীৰৰ বিখ্যাত মাতা বৈষ্ণুদেৱী মন্দিৰত পদপিষ্ট হৈ মৃত্যু ১২ জন ভক্তৰ, আহত হয় ১৪ জন লোক৷ নৱবৰ্ষৰ প্ৰথম দিনটোত অৰ্থাৎ শুকুৰবাৰে মাজনিশা ভক্তৰ অগণন ভিৰ হোৱাৰ বাবেই সংঘটিত হয় এই শোকাৱহ ঘটনা৷ এই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে সমগ্ৰ দেশবাসীয়ে৷ নিহতসকলৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিছে কেন্দ্ৰই৷ আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহত ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে নৰেন্দ্ৰ মোদীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ