নেপথ্যত দুই ভিলেইন৷ বিশ্ব উষ্ণায়ণ আৰু জলবায়ু পৰিবৰ্তন৷ আৰু এই দুই পৰিবৰ্তনেই বঢ়াইছে মহাসাগৰৰ জলপৃষ্ঠ৷ সঁচাকৈয়ে বিপদৰ আশংকা বাঢ়িছে মহাসিন্ধুৰ তৰফৰ পৰা৷ যি হাৰত সমুদ্ৰৰ জলস্তৰ বৃদ্ধি পাইছ আগন্তুক দিনত অৰ্থাৎ প্ৰায় ২০৫০ চনৰ ভিতৰত আমেৰিকাৰ ১২ টা উপকূলীয় চহৰৰ প্ৰতি ৫০ জন বাসিন্দাৰ মাজত এজন বানৰ কৱলত পৰিব৷
বিপদৰ আশংকা বাঢ়িছে ভাৰতৰ কেইবাখনো চহৰৰ ওপৰত৷ পৰিবেশবিদ আৰু গৱেষণা ৰিপৰ্টত আশংকা কৰা হৈছে যে এই শতক শেষ হ’লেই ভাৰতৰো ১২ খন চহৰ পানীত তলত ডুব যাব৷ তালিকাত আছে মুম্বাই, চেন্নাই, কোচি, বিশাখাপত্তনম, কাণ্ডালা, ওখা, ভাওনগৰৰ দৰে কেইবাখনো চহৰ সমুদ্ৰত জাহ যাব৷
নাছাইয়ো এই তথ্যৰ ৰিপৰ্টক সমৰ্থন জনাইছে৷ ফলত উদ্বেগ ক্ৰমশ বাঢ়িছে৷ কিন্তু কিয় এই পৰিস্থিতি? কাৰণ বিচাৰি বিজ্ঞানীয়ে চলোৱা অনুসন্ধানত পাইছে যে পৰিবেশৰ ভাৰসাম্য ৰক্ষা আৰু জলবায়ুৰ পৰিবৰ্তনৰ কুফল নিবাৰণত মহাসাগৰ অৰ্থাৎ পৃথিৱীত জলভাগৰ গুৰুত্ব কি? গ্ৰীনহাউছ গেছত যি বিপুল পৰিমানে তাপ বন্দী হৈ থাকে তাৰ অধিকাংশই শোষণ কৰে মহাসাগৰসমূহে৷ ইয়াৰোপৰি কাৰ্বন ডাই অক্সাইড গেছো শোষণ কৰে৷ এই প্ৰচণ্ড তাপ শোষণৰ ফলত সামুদ্ৰিক বাস্তুতন্ত্ৰৰ ক্ষতি হৈছে, অন্যহাতে বান পৰিস্থিতিৰো আশংকা বাঢ়িছে৷ বিশেষকৈ ক্ষতি হয় উপকূলীয় চহৰসমূহৰ৷ ৰিপৰ্টত কোৱা হৈছে যে ১৯০১ চনৰ পৰা ২০১৮ চন পৰ্যন্ত বিশ্বব্যাপী সমুদ্ৰস্তৰৰ গড় উচ্চতা বাঢ়িছে ১৫-২৫ ছেণ্টিমিটাৰ৷
২০০৬ চনৰ পৰা সমুদ্ৰৰ জলস্তৰৰ উচ্চতা প্ৰতিবছৰে ৩.৭ মিলিমিটাৰ হাৰত বাঢ়িব ধৰিছে৷ আমেৰিকাত এই বিপদ ভয়ংকৰ হ’ব৷ আমেৰিকাৰ সাগৰৰ উপকূলীয় ৩২ খন চহৰৰ মাজত ২৪ খনেই বিগত বছৰকেইটাত প্ৰায় ২ মিলি মিটাৰ হাৰত ডুবি গৈ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ