পুনৰ বিষাক্ত কাঠফুলা ভক্ষণ কৰি কে’বাগৰাকীও লোকে কৰুণ মৃত্যুক সাৱতি লৈছে৷ এই কৰুণ ঘটনাটো উজনি অসমত সংঘটিত হৈছে৷
উজনি অসমৰ চৰাইদেউ, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ ১৩ গৰাকীকৈ লোকে বিষাক্ত কাঠফুলা ভক্ষণ কৰি মৃত্যুক আকোৱালি লৈছে৷ ইয়াৰ মাজত এটি শিশুও আছে৷
ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙিয়াই জানিবলৈ দিয়া মতে যোৱা পাঁচটা দিনত বিষাক্ত কাঠফুলা ভক্ষণ কৰা জিলাকেইখনৰ ৩৫ গৰাকী লোকক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল৷
লগতে পঢ়ক ‘স্থান গ’লে মানো যায়!’ ইমৰাণ খানৰ ১৮ কোটি টকীয়া নেকলেচৰ বিৰুদ্ধে তদন্ত ঘোষণা
অধীক্ষক ডাঃ দিহিঙিয়াই প্ৰকাশ কৰা মতে এই ৩৫ জন ৰোগীৰ মাজৰ এটি শিশুসহ ১৩ লোকে ইতিমধ্যে কৰুণভাৱে মৃত্যুক আকোৱালি লৈছে৷ এজনৰ অৱস্থা এতিয়াও সংকটজনক বুলি প্ৰকাশ কৰিছে অধীক্ষকগৰাকীয়ে৷
অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙিয়াই লগতে কয় যে লোককেইজনে বিষাক্ত কাঠফুলা ভক্ষণ কৰাৰ পিছতে পেটৰ বিষত ভোগাৰ লগতে বমি কৰিবলৈ আৰম্ভ কৰিছিল৷
লগতে পঢ়ক ‘প্ৰটেকচন লৈ ইউক্ৰেনৰ নাৰীক ধৰ্ষণ কৰা’, স্বামীক নিৰ্দেশ ৰুছ সেনাৰ পত্নীৰ
ইয়াৰ পিছতে তেওঁলোকক স্থানীয় চিকিৎসালয়সমূহৰ পৰা উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷
উল্লেখ্য যে ৰাজ্যত সঘনাই বিষাক্ত কাঠফুলা ভক্ষণ কৰি লোক অসুস্থ হোৱাৰ লগতে মৃত্যু হোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইয়ে থাকে৷ ইয়াৰ পিছতো একমাত্ৰ সচেতনতাৰ অভাৱৰ বাবে এই দুখজনক ঘটনাবোৰ পুনৰাবৃত্তি হৈ থকা পৰিলক্ষিত হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ