আম আদমি পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিয়ে হিমাচল প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে৷ দুয়ো দলে ৰাজ্যখনৰ আগন্তুক বিধানসভাৰ বাবে টঙালি বান্ধি পৰস্পৰে পৰস্পৰৰ প্ৰতি আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে৷
ইয়াৰ মাজতে বুধবাৰে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমি পাৰ্টিয়ে শাসনাধিষ্ঠ ভাৰতীয় জনতা পাৰ্টিক এক মোক্ষম আঘাত দিছে৷
লগতে পঢ়ক ‘প্ৰটেকচন লৈ ইউক্ৰেনৰ নাৰীক ধৰ্ষণ কৰা’, স্বামীক নিৰ্দেশ ৰুছ সেনাৰ পত্নীৰ
নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ কে’বাগৰাকীও জ্যেষ্ঠ বিজেপি নেতাই আপত যোগদান কৰিছে৷ বুধবাৰে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ তত্বাৱধায়ক সতেন্দ্ৰ জৈনে ১৮ গৰাকী বিজেপি নেতাক আপত যোগদান কৰায়৷
‘‘হিমাচল প্ৰদেশৰ সকলো নেতাই অৰবিন্দ কেজৰিৱালৰ বিকাশ মডেলৰ প্ৰতি আকৃষ্ট হৈ আপত যোগদান কৰিছে৷ এইটো ভাল লাগিছে যে হিমাচলত দলে নিৰ্বাচন প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰাৰ সময়তে কষ্টসহিষ্ণু বিৰোধী নেতাসকলে আপৰ বিকাশ মডেলৰ প্ৰতি আকৰ্ষিত হৈ যোগদান কৰিছে৷’’ সত্যেন্দ্ৰ জৈনে সংবাদ মাধ্যমৰ আগত কয়৷
লগতে পঢ়ক উচ্চ শিক্ষাৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ! একেলগে ল’ব পাৰিব উচ্চ শিক্ষাৰ দুটাকৈ ডিগ্ৰী
ইফালে আপৰ নেতা সতেন্দ্ৰ জৈনে দাবী কৰিছে যে হিমাচল প্ৰদেশ বিজেপিৰ প্ৰায় ১০০০ প্ৰভাৱশালী নেতা-কৰ্মীয়ে অতি শীঘ্ৰেই আপ যোগাদন কৰিব৷
বুধবাৰে আপত যোগদান কৰা বিজেপি নেতাসকলৰ ভিতৰত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা ৰাজ্যখনৰ অনুসূচীত জাতি মৰ্চাৰ উপাধ্যক্ষ হৰমল ধিমানো আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ