ক্ৰিকেট জগতত চাঞ্চল্য, এইবাৰ বৈভৱৰ বন্ধুৰ কামাল, এটা ইনিংছতে ৪১ টা ৪, ২২ টা ৬
১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ কামাল সকলোৱে আই পি এলত দেখা পালে। এইবাৰ নাম বৈভৱৰ বন্ধুৰ । কোনোগুণে কম নহয় বৈভৱতকৈ। এই ১৩ বছৰীয়া ক্ৰিকেটাৰৰ খেল দেখি এতিয়া হতচকিত হৈ পৰিছে ক্ৰিকেট বিশ্ব। কাৰণ এই খেলুৱৈয়ে এটা ইনিংছতে কোবাইছে ৪১ টা ৪ আৰু ২২ টা ৬.
বৈভৱৰ বন্ধু ১৩ বছৰীয়া অয়ন ৰাজে কোবালে ত্ৰি-শতক, বৈভৱ সূৰ্য্যবংশীৰ শৈশৱৰ বন্ধুৱে ত্ৰি-শতক অৰ্জন কৰে।
মুজাফ্ফৰপুৰ জিলা ক্ৰিকেট লীগত খেলি থকাৰ সময়তে ৩২৭ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল , যিটো এতিয়া চৰ্চা চলি আছে। সাংস্কৃতিক ক্ৰিকেট একাডেমীৰ হৈ খেলা অয়ন ৰাজে ট্ৰিপল চেঞ্চুৰীৰ ইনিংছত ৪১টা চাৰি আৰু ২২টা ছয় কোবাই। এই স্মৰণীয় ইনিংছত আয়ানে মাথো ১৩৪টা বলত ৩২৭ ৰান ইনিংছ খেলি ২৪৪ ৰান ষ্ট্ৰাইক ৰেটত ৰান সংগ্ৰহ কৰিছে।
এফালে বিহাৰৰ বৈভৱ সূৰ্যবংশীয়ে ১৪ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজলাই তোলাৰ বিপৰীতে এইবাৰ আন এজন বিহাৰীয়ে স্কুল ক্ৰিকেটত ত্ৰি-শতক অৰ্জন কৰি ক্ৰিকেট জগতক নিজৰ আভাস দিছে।
প্ৰতিবেদন অনুসৰি অয়ন ৰাজ আৰু বৈভৱ সূৰ্যবংশীয়ে একেলগে স্কুল ক্ৰিকেট খেলিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ