বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে
নাইজেৰিয়াত সংঘটিত হৈছে এক অতিকে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এখন বিদ্যালয়ত এই অগ্নিকাণ্ড সংঘটিত হৈ একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে। ভাৰতীয় সময় অনুসৰি বুধাবৰে নিশাৰ ভাগত এই অগ্নিকাণ্ডৰ ঘটনা ঘটে।
উত্তৰ-পশ্চিম নাইজেৰিয়াৰ এখন ইছলামিক বিদ্যালয়ত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে, য’ত ১৭ জন ছাত্ৰ-ছাত্ৰীৰ নিহত। অন্য বহু ছাত্ৰ-ছাত্ৰী এই ঘটনাত বেয়াকৈ অগ্নিদ্বগ্ধ হৈ পৰে।
অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে বিষয়াসকলে। বৰ্তমানলৈ জানিব পৰা হোৱা নাই ইয়াৰ কাৰণ। দেশৰ জৰুৰীকালীন সঁহাৰি সংস্থাই এই কথা নিশ্চিত কৰিছে।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত বিদ্যালয়খনত ১০০ টি শিশু উপস্থিত আছিল। যাৰ ভিতৰত ১৭ নিহত হোৱাৰ লগতে ১৬ গৰাকী গুৰুতৰভাৱে অগ্নিদগ্ধ। বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আহত সকল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ