ভক্তৰ মাজত হাহাকাৰ, তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদত মাছৰ তেলৰ নমুনা উদ্ধাৰ
লাখ লাখ মানুহৰ বিশ্বাসৰ কেন্দ্ৰবিন্দু দক্ষিণ ভাৰতৰ অন্যতম মন্দিৰ তিৰুপতি তিৰুমালা মন্দিৰ সন্দৰ্ভত এক ডাঙৰ খবৰ ওলাইছে। বিখ্যাত মন্দিৰটোত পোৱা প্ৰসাদ তথা লাড়ুত মাছৰ তেল থকাৰ কথা পোহৰলৈ আহিছে। যি ঘটনাৰ পাছতে এতিয়া চঞ্চল্যৰ সৃষ্টি কৰিছে।
ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডে নিশ্চিত কৰিছে যে মন্দিৰৰ প্ৰসাদ হিচাপে দিয়া লাড়ুত মাছৰ তেল তথা জন্তুৰ চৰ্বি উপস্থিতি ধৰা পৰিছে। ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডৰ প্ৰতিবেদনত এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে।
ব’ৰ্ডৰ প্ৰকাশিত প্ৰতিবেদন অনুসৰি তিৰুপতি মন্দিৰৰ লাড়ু তৈয়াৰ কৰাত মাছৰ তেল, গো-মাংস আৰু চৰ্বি ব্যৱহাৰ কৰা হৈছে। আশ্চৰ্যজনক কথাটো হ’ল এই লাড়ুবোৰ কেৱল প্ৰসাদ হিচাপে ভক্তসকলৰ মাজত বিতৰণ কৰাই নহয়, এই লাড়ুবোৰ প্ৰসাদ হিচাপে ভগৱানকো আগবঢ়োৱা হয়।
তথ্য অনুসৰি ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডৰ প্ৰতিবেদনে তিৰুপতি মন্দিৰৰ লাডু আৰু অন্নদনমৰ নমুনাৰ তদন্তত চাঞ্চল্যকৰ প্ৰকাশ কৰিছে।
আনহাতে, তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে চৰ্বি যুক্ত লাডু দিয়াক লৈ অন্ধ্ৰ প্ৰদেশত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী এন. চন্দ্ৰবাবু নাইডুৱে ৱাই এছ জগন মোহন ৰেড্ডীক কৰ্ণাৰ কৰি অভিযোগ কৰে যে পূৰ্বৰ ৱাই এছ আৰ চি পি চৰকাৰে তিৰুমালাত তিৰুপতি লাদ্দু প্ৰসাদ প্ৰস্তুত কৰিবলৈ ঘিৰ সলনি পশুৰ চৰ্বি ব্যৱহাৰ কৰিছিল। এই প্ৰসাদ ভগৱান ভেংকটেশ্বৰ স্বামী মন্দিৰ দৰ্শন কৰা কোটি কোটি ভক্তক দিয়া হয়। মুখ্যমন্ত্ৰী নাইডুৱে অভিযোগ কৰিছিল যে তিৰুমালা লাডুও অমান্য উপাদানৰ পৰা তৈয়াৰ কৰা হয়।
মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ এই অভিযোগে অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি কৰিছে। এই অভিযোগৰ প্ৰতি সঁহাৰি জনাই অন্ধ্ৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৱাই এছ শৰ্মিলাই এক্সত লিখিছে যে চন্দ্ৰবাবু নাইডুৱে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰি চিবিআইক সত্য জানিবলৈ দিব লাগে। আনহাতে, ৱাই এছ আৰ চি পিৰ ৰাজ্যসভাৰ সাংসদ ৱাই ভি চুব্বা ৰেড্ডীয়েও এই বিতৰ্কৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে নাইডুৱে ৰাজনৈতিক লাভৰ বাবে যিকোনো স্তৰলৈ নামিব পাৰে। লগতে তেওঁ কয় যে এনে কৰি মুখ্যমন্ত্ৰীয়ে ঐশ্বৰিক মন্দিৰ তিৰুমালাৰ পবিত্ৰতা আৰু কোটি কোটি হিন্দুৰ বিশ্বাসত আঘাত হানিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ