ষঠ পূজাৰ সময়তে বিহাৰীলৈ দুখবৰ, লোকগায়িকাৰ চিৰ বিদায়, অন্তিম দৰ্শনৰ বাবে ৰখা হৈছে পাৰ্থিৱ শৰীৰ
কালি খায়-নহায়ৰ পৰা আৰম্ভ হৈছে বিহাৰী সম্প্ৰদায়ৰ লোক সকলৰ অতিকে পবিত্ৰ উৎসৱ ষঠ পূজা। আজি সকলোৰে ঘৰে ঘৰে পূজা, কাইলৈ আৰু পৰহীলৈ সূৰ্য আৰু ষঠী মাতাৰ প্ৰণাম। পাছে এই অতিকে সুখৰ দিনৰ আহিছে এক অতিকে দুখৰ খবৰ।
বিহাৰী লোকগায়িকা শাৰদা সিন্হাৰ নিধন। ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে গায়িকাগৰাকীয়ে। যি সময়ত সকলো বিহাৰি লোকৰ ঘৰে ঘৰে শাৰদা সিন্হাৰ ষঠী মাতাৰ লোকগীত বাজি থাকিব সেই সময়ত অন্তিম শয়নত শাৰদা সিন্হা।
আজি পুৱা তেখেতৰ পুত্ৰই সামাজিক মাধ্যমত এখন ফটো শ্বেয়াৰ কৰি লিখে যে, আপোনালোকৰ মৰম আৰু প্ৰাৰ্থনা সদায়ে মাৰ সৈতে থাকিব। কিন্তু ষঠী মাতাই আজিৰ এই পবিত্ৰ দিনটোতে তেখেতক নিজৰ নিজৰ কাষলৈ লৈ যায়। ভৌতিক ৰূপত আৰু মা আমাৰ মাজত নাই।
সংগীতৰ জীৱন কালত শাৰদা সিন্হা কেৱল বিহাৰৰে হৈ পৰা নাছিল, সমগ্ৰ ভাৰতৰে এগৰাকী বিশিষ্ট লোকগীতৰ গায়িকা আছিল। যাৰ বাবে তেখেতক পদ্মভূষণ, পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। আজি ৬ নৱেম্বৰ তাৰিখে তেখেতৰ মৃত্যু হলেও অনুৰাগীৰ দৰ্শনৰ বাবে তেখেতৰ পাৰ্থিৱ শৰীৰ ঘৰতে ৰখা হব। কাইলৈহে শেষকৃত্য কৰা হ’ব বিশিষ্ট লোকগায়িকা গৰাকীৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ