পিছল খাই পৰিছিল নে, নিজেই জঁপিয়াইছিল, আৰক্ষীৰ মন্তব্য প্ৰকাশ
এই সময়ত বলীউড উদ্যোগত আলোড়নৰ সৃষ্টি হৈছে। মলাইকা অৰোৰা আৰু অমৃতা অৰোৰাৰ পিতৃ অনিল অৰোৰাৰ মৃত্যুক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে । এইটো আত্মহত্যা নে দুৰ্ঘটনাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে কাৰণ এতিয়ালৈকে এই বিষয়ত পৰিয়ালৰ পৰা কোনো বক্তব্য অহা নাই। নতুবা কোনো চুইচাইড নোটৰ সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই। যাৰ বাবে প্ৰশ্নৰ উত্থাপন হৈছে পিছল খাই পৰিল নে নিজেই জঁপিয়াই।
এতিয়া এই গোচৰৰ তদন্ত কৰা আৰক্ষীয়ে গোচৰ সন্দৰ্ভত সংবাদ মাধ্যমক এক বিবৃতি দিছে। ষষ্ঠ মহলাৰ পৰা এই ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। ষষ্ঠ মহলাত বাস কৰা অভিনেত্ৰীগৰাকীৰ পিতৃৰ পৰা পৰি মৃত্যু হয়।
আৰক্ষীয়ে জনোৱা মতে, এই বিষয়ত এতিয়াও তদন্ত অব্যাহত আছে। চুইচাইড নোটখন উদ্ধাৰ হ’ল নে নাই? সংবাদ মাধ্যমে আৰক্ষীক এই সন্দৰ্ভত সোধাত কয় যে তেওঁলোকে বিতংভাৱে তদন্ত কৰি আছে আৰু সকলো কোণৰ তদন্ত কৰিব।
চিকিৎসাজনিত বিষয়টোক লৈও প্ৰশ্ন উত্থাপন হৈছে। ফৰেনছিক তদন্তও চলি আছে। সম্প্ৰতি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইয়াৰ পিছত আৰক্ষীক পোনপটীয়াকৈ সোধা হৈছিল যে আত্মহত্যা নে সন্দেহজনক কিবা?
প্ৰকাশ পোৱা অনুসৰি, প্ৰাৰম্ভিক তদন্তত ই আত্মহত্যা যেন লাগে। অৱশ্যে ইয়াৰ কাৰণ সন্দৰ্ভত এতিয়াও কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। এতিয়া সম্পূৰ্ণ তদন্তৰ পিছতহে জানিব পৰা যাব মলাইকা অৰোৰাৰ পিতৃয়ে কিয় ইমান ডাঙৰ পদক্ষেপ ল’বলৈ বাধ্য হ’ল?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















