সাধাৰণ জনতালৈ বিত্ত মন্ত্ৰালয়ৰ সকাহ- ২০০০ টকাৰ ওপৰৰ UPIৰ লেনদেনত নাথাকিব GST
শুকুৰবাৰে বিত্ত মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে ২০০০ টকাৰ ওপৰৰ ইউপিআইৰ লেনদেনত সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) আৰোপ কৰাৰ কোনো প্ৰস্তাৱ চৰকাৰে বিবেচনা কৰা নাই।
বিত্ত মন্ত্ৰালয়ে কয় যে, “২০০০ টকাৰ ওপৰৰ ইউপিআই লেনদেনত চৰকাৰে সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) আৰোপ কৰাৰ কথা চিন্তা কৰিছে বুলি কৰা দাবী সম্পূৰ্ণ মিছা, বিভ্ৰান্তিকৰ, আৰু ভিত্তিহীন। বৰ্তমান চৰকাৰৰ সন্মুখত এনে কোনো প্ৰস্তাৱ নাই।”
জিএছটি কিছুমান বিশেষ যন্ত্ৰ ব্যৱহাৰ কৰি কৰা পেমেণ্টৰ সৈতে জড়িত চাৰ্জৰ ওপৰত আৰোপ কৰা হয়, যেনে মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট (এমডিআৰ)।
২০২০ চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে ২০১৯ চনৰ ৩০ ডিচেম্বৰৰ গেজেট অধিসূচনাৰ জৰিয়তে ব্যক্তিৰ পৰা ব্যৱসায়ীলৈ (পি টু এম) ইউ পি আই লেনদেনৰ এম ডি আৰ আঁতৰাইছে।
যিহেতু বৰ্তমান ইউপিআইৰ লেনদেনত কোনো এমডিআৰ লোৱা নহয়, ফলস্বৰূপে এই লেনদেনৰ ক্ষেত্ৰত কোনো জিএছটি প্ৰযোজ্য নহয় বুলি মন্ত্ৰালয়ে জনায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ