১০ লাখ টকাত বিক্ৰী এটা নাৰিকল, কাৰণ জানি আচৰিত হ’ব আপুনি
যি নাৰিকল আমি সাধাৰণতে ৫০ৰ পৰা ১০০ টকাৰ ভিতৰত ক্ৰয় কৰো, সেই একেই নাৰিকল এটা বিক্ৰী হৈছে ১০ লাখ টকাত। তাকো কোনো অন্য দেশত নহয়, এইখন ভাৰতবৰ্ষতেই ১০ লাখত বিক্ৰী এটা নাৰিকল।
বিশ্বাস কৰিবলৈ কিছু টান হ’লেও এয়া সত্য, গোৱাত এক নিলামত নাৰিকলটো বিক্ৰী হয় এইদৰে বহু লাখ টকাত। জানিব পৰা মতে, – গোৱাৰ কোৰগাওত শ্ৰী দেৱ ৰঘুগোনশ্বেটক আগবঢ়োৱা হৈছিল ই নাৰিকল। মন্দিৰৰ বাৰ্ষিক উৎসৱৰ সময়ত নিলাম কৰা হৈছিল সেই নাৰিকল।
প্ৰতি বছৰে এপ্ৰিল মাহৰ বিকাশ সংকতি চতুৰ্থীৰ দিনা কোৰগাওত এই উৎসৱ পালন কৰা হয়। উৎসৱৰ সময়ত মানুহে ফলমূলৰ বাহিৰেও অন্যান্য সামগ্ৰী আগবঢ়ায়, যিবোৰ পিছত মন্দিৰ সমিতিৰ দ্বাৰা নিলাম কৰা হয়। কিন্তু এই পাঁচদিনীয়া উৎসৱৰ মূল আকৰ্ষণ হৈছে শ্ৰী দেৱ ৰঘুগোংছেটৰ সত্যনাৰায়ণ মহাপূজাৰ সময়ত আগবঢ়োৱা পবিত্ৰ নাৰিকলৰ নিলাম।
সূত্ৰসমূহে জনোৱা মতে, বেছিভাগেই শ্বেট্য়ে বংশৰ সদস্যই নিলামত জয়ী হয়। এইবাৰ তামোলৰ নিলামৰ মূল্য আছিল ১০ লাখ টকা। যোৱা বছৰ নিলামৰ মূল্য আছিল ১১ লাখ টকা। যি ব্যক্তিয়ে এই নাৰিকল কিনে, পিছত এই পবিত্ৰ নাৰিকল সেই লোকৰ ঘৰত পূজা কৰা হয়।
পাছত নিলামৰ পৰা সংগ্ৰহ কৰা ধন মন্দিৰৰ কাম-কাজ, যেনে মন্দিৰৰ ৰক্ষণাবেক্ষণ আৰু নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ