দক্ষিণৰ ছুপাৰষ্টাৰ ধনুশৰ শ্বুটিংথলীত ভয়ংকৰ অগ্নিকাণ্ড, হাহাকাৰ পৰিস্থিতি
দক্ষিণৰ ছুপাৰষ্টাৰ ধনুশে বৰ্তমান তেওঁৰ আগন্তুক ছবি ‘ইডলী কড়াই’ৰ শ্বুটিং কৰি আছে। শনিবাৰে তামিলনাডুৰ থেনি চহৰৰ সমীপৰ অনুপট্টি গাঁৱত ছবিখনৰ বাবে এটা চেট স্থাপন কৰা হৈছিল, সেই শ্বুটিংথলীতেই আজি দেওবাৰে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
দপদপাই উঠে জুইৰ শিখা, পাছলৈ অধিক তীব্ৰ হৈ পৰে পৰিস্থিতি। কিন্তু সৌভাগ্যক্ৰমে কোনো লোকৰে ক্ষয় ক্ষতি হোৱা নাই এই দুৰ্ঘটনাত। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ অগ্নিকাণ্ড নিয়ন্ত্ৰণলৈ আনে।
জানিব পৰা অনুসৰি, অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত শ্বুটিংথলীত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ভয়তে সকলো মানুহৰ মাজত হাহকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
বৰ্তমানে সেই ভয়ংকৰ অগ্নিকাণ্ডৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
উল্লেখ্য যে, এই ছবিখন নিজেই প্ৰযোজনা কৰিছে ধনুশে। ইয়াৰ উপৰি নিজেই ছবিখনত মুখ্য চৰিত্ৰত অভিনয়ো কৰিছে। অগ্নিকাণ্ডৰ সময়ত ধনুশো ঘটনাস্থলীত উপস্থিত আছিল। অৱশ্যে এতিয়া অগ্নিকাণ্ড সম্পূর্ণ নিয়ন্ত্রণ কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ