বিচ্ছেদ হ’ল নেকি ছাৰা টেণ্ডুলকাৰ-শুভমন গিলৰ? এজনে আনজনক আনফ’ল’
ভাৰতীয় ক্ৰিকেট দলৰ বিখ্যাত খেলুৱৈ শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা টেণ্ডুলকাৰ নাম প্ৰায়ে কোনোবা নহয় কোনোবা কাৰণত শিৰোনামত থাকে। এই সময়ত চাৰা আৰু ভাৰতীয় দলৰে খেলুৱৈ শুভমান গিলৰ মাজৰ সম্পৰ্ক আকৌ বাতৰিৰ শিৰোনামত।
এইবাৰ দুয়োৰে মাজত বিচ্ছেদ হোৱা বুলি খবৰ। ছ’চিয়েল মিডিয়াৰ পৰা গছিপ টাউনলৈকে দুয়োৰে মাজত বিচ্ছেদ হোৱা বুলি চৰ্চা চলিছে। ইয়াৰ ইংগিত ইনষ্টাগ্ৰামতো পোৱা গৈছে।
উল্লেখ্য যে, ছাৰা আৰু শুভমানে কেতিয়াও আনুষ্ঠানিকভাৱে তেওঁলোকৰ সম্পৰ্কক লৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল যদিও দুয়োকে প্ৰায়ে একেলগে দেখা গৈছিল। ইয়াৰ বাবে বহু সংবাদ মাধ্যমে দুয়োজনে ইজনে সিজনৰ লগত ডেটিং কৰি থকা বুলি দাবী কৰিছিল।
এতিয়া হঠাতে দুয়োজনে ইনষ্টাগ্ৰামত ইজনে সিজনক আনফ’ল’ কৰিছে, তাৰ পিছত তেওঁলোকৰ ব্ৰেকআপৰ কথাও চলিছে। অৱশ্যে সত্য কি সেয়া কেৱল চাৰা আৰু শুভমানেহে জানে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ