কিমান সম্পত্তি আছে প্ৰিয়ংকা গান্ধীৰ, ৱায়নাডৰ মনোনয়নত প্ৰকাশ সকলো
বুধবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই ৱায়ানাড সমষ্টিত লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰি নিৰ্বাচনী ইনিংছ আৰম্ভ কৰে।
এই উপলক্ষে স্থানীয় নেতাৰ লগতে পৰিয়ালৰ লোকৰ সৈতে মনোনয়ন দাখিল কৰে, লগতে প্ৰথমবাৰৰ বাবে নিজৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলায়। ৰাহুল গান্ধীয়েও সংগ দিয়ে এই প্ৰচাৰ অভিযানত।
আজিৰ মনোনয়নত প্ৰিয়ংকাই নিজৰ সম্পত্তিৰ বিষয়ে উল্লেখ কৰে। সেই হিচাপে প্ৰিয়ংকা বৰ্তমানে ৪ কোটি ২৪ লাখ টকাৰ মালিক। ইয়াৰ উপৰিও কোটি টকীয়া মাটি আছে।
উল্লেখ্য যে, কেৱল মাত্ৰ ১৭ বছৰ বয়সৰ পৰাই নিৰ্বাচনী প্ৰচাৰত নামিছিল প্ৰিয়ংকা গান্ধীয়ে। অৱশ্যে আজি পৰ্যন্ত অন্য লোকৰ বাবেহে নিৰ্বাচনী প্ৰচাৰ চলাই আহিছিল প্ৰিয়ংকা গান্ধী বাড্ৰাই।
তেখেতে ৰাজনৈতিক অভিজ্ঞতাৰ অভাৱৰ বিৰোধীসকলৰ অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ১৯৮৯ চনত পিতৃ ৰাজীৱ গান্ধীৰ সৈতে ১৭ বছৰ বয়সত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰত যোগদান কৰিছিল। যাৰ বাবে তেতিয়াৰে পৰা এতিয়ালৈকে ৰাজনীতিৰ ৩৫ বছৰৰ অভিজ্ঞতা আছে প্ৰিংয়কাৰ।
আজিৰ মনোনয়ন দাখিলৰ পৰ্বত প্ৰিয়ংকাৰ সৈতে কংগ্ৰেছ সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধী, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমৈয়া, অন্যান্য দলৰ জ্যেষ্ঠ নেতা, স্বামী ৰবাৰ্ট ভাদ্ৰা, পুত্ৰ ৰেহান ৰাজীৱ বাদ্ৰা আদিয়ে সংগ দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ